মণিপুৰত নিষিদ্ধ ৰিভল্যুচনেৰী পিপলছ ফ্ৰণ্টৰ অন্যতম শীর্ষ পর্যায়ৰ এজন কেডাৰে আজি আত্মসমৰ্পণ কৰি মূলসুঁতিলৈ ওভতি আহে ৷ আজি এক অনুষ্ঠানত মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ ওচৰত আত্মসমর্পণ কৰে ইৰম ইবোটম্বি মেইটেই ৷ ৫০ বছৰীয়া ইবোটোম্বী বিষ্ণুপুৰ জিলাৰ নামবল থাংটেকৰ বাসিন্দা। ১৯৯৪-১৯৯৫ চনৰ পৰা তেওঁ এই উগ্ৰবাদী সংগঠনটোৰ সৈতে জড়িত আছিল।
এই উপলক্ষে সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত মুখ্যমন্ত্রী সিঙে কয় যে কেন্দ্র আৰু ৰাজ্য চৰকাৰে ৰাজ্যখনত কঢ়িয়াই অনা পৰিবর্তন, মণিপুৰ আৰু উত্তৰ-পূব ভাৰতৰ উন্নয়নৰ প্রতি কেন্দ্রীয় নেতাসকলৰ দৃঢ় দায়বদ্ধতাক বিশ্বাস কৰি ইবোটম্বিয়ে মূলসুঁতিলৈ ওভতি আহিছে ৷
তেওঁ কয় -‘মই ৰাজ্যৰ জনসাধাৰণক আহ্বান জনাইছো, আৰু যিসকলে নিজৰ ঘৰ এৰি গৈছে তেওঁলোক পুনৰ আহি মূলসুঁতিত যোগদান কৰক ৷ যাতে আমি শান্তিৰে জীয়াই থাকিব পাৰো, আৰু এক নতুন মণিপুৰ আৰু ভাৰতৰ বাবে একেলগে কাম কৰিব পাৰো ৷“.যোৱা ১ জুনত ইম্ফলত অনুষ্ঠিত আন এক অনুষ্ঠানত ইউনাইটেড ট্ৰাইবেল লিবাৰেচন আৰ্মীৰ ১৪ জন কেডাৰে মুখ্যমন্ত্ৰীৰ সন্মুখত আত্মসমৰ্পণ কৰিছিল ৷