ৰাছিয়াৰ ‘এনানায়কত্ববাদী’ ব্লাদিমিৰ পুটিনৰ সৈতে ৰুদ্ধদ্বাৰ বৈঠকৰ পাছত হাস্পতালত ভৰ্তি হ’ল বেলাৰুছৰ ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ লুকাচেংকো। সংকটজনক অৱস্থাত তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। বেলাৰুছৰ বিৰোধী নেতা ভেলেৰী চেপকালোৱে টুইটাৰযোগে এই কথা সদৰী কৰে। বেলাৰুছৰ ৰাষ্ট্ৰপতিক বিষপান কৰোৱাই হত্যা কৰাৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷
ভেলেৰীয়ে টুইটাৰযোগে লিখিছে, ‘প্ৰাথমিক তথ্য অনুসৰি পুটিনৰ সৈতে ৰুদ্ধদ্বাৰ বৈঠকৰ লগে লগে লুকাচেংকোক মস্কোৰ চেণ্ট্ৰেল ক্লিনিকেল হস্পিতালত ভৰ্তি কৰা হৈছিল। বৰ্তমান তেওঁ তাত চিকিৎসাধীন হৈ আছে।”
ভেলেৰীয়ে দাবী কৰিছিল যে লুকাচেংকোক বিষপান কৰোৱাই হত্যা কৰাৰ চেষ্টা কৰা হৈছিল। গতিকে যদি লুকাচেংকোৰ কিবা এটা হয়, যাতে কোনেও ৰাছিয়ালৈ আঙুলি টোৱাই নিদিয়ে, তাৰ বাবে মস্কোৱে বেলাৰুছৰ ৰাষ্ট্ৰপতিক বচাবলৈ চেষ্টা কৰিছে।“
লগতে তেওঁ কয় যে বেলাৰুছৰ ৰাষ্ট্ৰপতিৰ শাৰীৰিক অৱস্থা উন্নত কৰাৰ বাবে তেওঁৰ তেজ বিশুদ্ধ কৰা হৈছে। পুটিন চৰকাৰে এই পৰিস্থিতিত মস্কোৰ পৰা লুকাচেংকোক আন ঠাইলৈ লৈ যোৱাটো সঠিক নহ’ব বুলিও কয়।
প্ৰসংগক্ৰমে ৬৮ বছৰীয়া লুকাচেংকো পুটিনৰ অন্যতম ঘনিষ্ঠ শাসক। দৰাচলতে ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত চলি থকা সংঘাত আৰম্ভ হোৱাৰ পৰাই লুকাচেংকোৱে মস্কোৰ পক্ষ লৈ আহিছে। পুটিনৰ সৈতে হোৱা বৈঠকৰ অন্তত তেওঁক চিকিৎসালয়ত ভৰ্তি কৰা হয়।
কেইবাদিনো ধৰি লুকাচেংকোৰ স্বাস্থ্য ভাল নহয় বুলি জল্পনা-কল্পনা চলি আহিছে। চলিত মাহৰ আৰম্ভণিতে মস্কোত অনুষ্ঠিত এক অনুষ্ঠানত অংশগ্ৰহণ কৰি বেলাৰুছৰ ৰাষ্ট্ৰপতিগৰাকীয়ে ৰাছিয়া এৰি আহিছিল ৷পুটিনে আয়োজন কৰা দুপৰীয়াৰ আহাৰো তেওঁ গ্ৰহণ কৰা নাছিল ৷ পিছত তেওঁ উৰাবাতৰি খাৰিজ কৰি দেশবাসীক সুস্থ বুলি প্ৰকাশ কৰিছিল ৷