বাংলাদেশৰ বিৰোধী দল বাংলাদেশ নেচনেলিষ্ট পাৰ্টি চমুকৈ বিএনপিৰ সমাৱেশক কেন্দ্ৰ কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ পদত্যাগ, মুক্ত আৰু নিকা নিৰ্বাচন আৰু অন্যান্য দাবীৰ দাবীত শনিবাৰে বিএনপিৰ সাধাৰণ বৈঠকৰ আহ্বান কৰা হয় । য’ত হাজাৰ হাজাৰ লোক সমবেত হৈছিল। বিএনপিৰ সমাৱেশৰ পিছত বাংলাদেশৰ ৰাজনীতিত আলোড়ন আৰম্ভ হৈছে ৷
বিএনপিৰ সাধাৰণ সভা সন্দৰ্ভত চৰকাৰৰ বিবৃতি বাংলাদেশৰ সংবাদ মাধ্যমত প্ৰকাশ পাইছে। দেশৰ নিৰ্বাচনৰ লগত জড়িত কোনো ‘আভ্যন্তৰীণ ষড়যন্ত্ৰ’ বাংলাদেশে সহ্য নকৰে বুলি চৰকাৰে এই বিবৃতিৰ জৰিয়তে সকীয়াই দিছে ৷ কোনো ধৰণৰ ‘বিদেশী হস্তক্ষেপ’ সহ্য কৰা নহ’ব। বাংলাদেশত মুক্ত আৰু নিকা নিৰ্বাচন আয়োজন কৰিবলৈ শ্বেখ হাছিনাৰ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলিও দাবী কৰে চৰকাৰে।
দেওবাৰে আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ দিৱস উপলক্ষে আয়োজিত এক অনুষ্ঠানত অংশ লৈ আইন মন্ত্ৰী অনিছুল হক, বৈদেশিক মন্ত্ৰী এ কে আব্দুল মমেন আৰু বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী মহম্মদ শ্বহৰিয়াৰ আলমে তেওঁলোকে বিএনপিৰ বৈঠক সন্দৰ্ভত চৰকাৰৰ স্থিতিৰ বিষয়ে অৱগত কৰে। অহা বছৰ বাংলাদেশত নিৰ্বাচন অনুষ্ঠিত হ’ব । এই ক্ষেত্ৰত বাংলাদেশে “বাহ্যিক কোনো ধৰণৰ হেঁচা”ৰ আগত শিৰনত নকৰে বুলি চৰকাৰে প্ৰকাশ কৰিছে ৷
শনিবাৰে বাংলাদেশত বিএনপিয়ে এক বৃহৎ সমদল আহ্বান কৰে। অভিযোগ অনুসৰি এই সমাৱেশৰ পূৰ্বে কেইবাজনো গুৰুত্বপূৰ্ণ নেতাক আৰক্ষীয়ে আটক কৰি ৰাখিছিল। মুখ্য কাৰ্যালয়ৰ বাহিৰত আৰক্ষীৰ সৈতে বিএনপি কৰ্মীৰ সংঘৰ্ষৰ সূত্ৰপাত ঘটে। ৰেলীৰ পূৰ্বেও এজন লোকক গুলীয়াই হত্যা কৰা হয়।
এনে পৰিস্থিতিত শনিবাৰে অনুষ্ঠিত হোৱা ৰেলীত বিএনপিয়ে দুটা মূল দাবী উত্থাপন কৰে। সাধাৰণ নিৰ্বাচনৰ পূৰ্বে প্ৰধানমন্ত্ৰীৰ পদত্যাগৰ তেওঁলোকে দাবী জনাইছে। তাৰ লগতে বিএনপিৰ নেতৃত্বই নিৰপেক্ষ চৰকাৰৰ অধীনত নিৰ্বাচন অনুষ্ঠিত কৰাটো বিচাৰে। শাসকীয় দল আৱামী লীগে নিৰপেক্ষ চৰকাৰৰ অধীনত নিৰ্বাচনৰ বিষয়টো আলোচনা কৰিবলৈও ইচ্ছুক নহয় বুলি মন্তব্য কৰিছে। কাৰণ ই বাংলাদেশৰ সাংবিধানিক গাঁথনিৰ বিৰোধী। ইয়াৰ বাহিৰেও হাছিনাৰ দলটোৱে অনুভৱ কৰিছে যে এই সমাৱেশত প্ৰধানমন্ত্ৰীৰ পদত্যাগৰ দাবী কৰাটো সম্ভৱ নহয়।