নিৰাপত্তাৰক্ষীৰ সৈতে পুনৰ মাওবাদীৰ সংঘর্ষ হৈছে । এইবাৰো ঘটনাৰ স্থান ছত্তীশগড়ৰ চুকমা জিলা। গোপন সূত্ৰৰ পৰা তথ্য লাভ কৰি কোব্ৰা সেনাই এখন গাঁৱত মাওবাদীৰ সন্ধানত অভিযান চলায়। নিষিদ্ধ সংগঠনটোৰ সশস্ত্ৰ দলে এই অভিযানৰ সময়তে সেনা বাহিনীক আক্ৰমণ কৰে। প্ৰায় এঘণ্টা ধৰি দুয়োপক্ষৰ মাজত গুলীয়াগুলী হয় ৷ এই সংঘর্ষত ২ জন কোব্ৰা কমাণ্ডো গুলীবিদ্ধ হয় ৷
বাষ্টাৰ ৰেঞ্জৰ আই জি সুন্দৰৰাজ পিয়ে জনোৱা মতে, পুৱা ৯ বজাত দুয়ো পক্ষৰ মাজত গুলীয়াগুলী আৰম্ভ হয়। প্ৰায় ৪৫ মিনিট সময় ধৰি এই সঘর্ষ অব্যাহত থাকে । তেওঁ কয়, ‘এই এনকাউণ্টাৰত কোব্ৰা ফৰ্চৰ ২০২নং বেটেলিয়নৰ ইন্সপেক্টৰ মুনেশকুমাৰ মীনা আৰু ২০৮নং বেটেলিয়নৰ কনিষ্টবল অমিত মডাক গুলীৱিদ্ধ হয়। ৫ৰ পৰা ৬জন মাওবাদীও আহত হয়। কিন্তু মাওবাদী কেইজন হাবিলৈ পলায়ন কৰিবলৈ সক্ষম হয়।“
আই জি সুন্দৰৰাজে লগতে কয় যে দক্ষিণ চুকমাৰ এখন গাঁৱত মাওবাদীৰ উপস্থিতিৰ তথ্য লাভ কৰি ছত্তীশগড় আৰক্ষীৰ এছ টি এফ আৰু কোব্ৰা ফৰ্চে যৌথ অভিযান আৰম্ভ কৰে। তেওঁলোক গাঁৱৰ কাষ চাপি অহাৰ লগে লগে মাওবাদীয়ে গুলীচালনা আৰম্ভ কৰে। সেনাইও প্ৰত্যুত্তৰত গুলীচালনা কৰে ৷ আৰক্ষীৰ সূত্ৰ অনুসৰি কমেও ৪৫ মিনিট ধৰি গুলীয়াগুলী অব্যাহত থাকে ৷ সেই সময়তে দুজন কোব্ৰা কমাণ্ডো গুলীৱিদ্ধ হয় ৷ ততাতৈয়াকৈ চিকিৎসাৰ বাবে তেওঁলোকক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। তেওঁলোক বিপদমুক্ত বুলি জানিব পৰা গৈছে ৷
যদিও সমগ্ৰ দেশতে সংগঠনটো নিষিদ্ধ, তথাপিও ছত্তীশগড়ৰ এই অঞ্চলত সুদূৰ বাওঁপন্থী মাওবাদীৰ প্ৰভাৱ প্ৰবল। ভাৰত চৰকাৰে তেওঁলোকক দমন কৰিবলৈ বিশাল শক্তি সংগঠিত কৰিছে। তৎসত্বেও মাওবাদীক নিয়ন্ত্ৰণত ৰাখিব পৰা নাই ৷ তেনেকৈয়ে যোৱা ২৫ ফেব্ৰুৱাৰীত মাওৰ আক্ৰমণত চুকমাৰ জিলা ৰিজাৰ্ভ গাৰ্ডৰ (ডি আৰ জি) তিনিজন জোৱান নিহত হৈছিল।