উৰিষ্যা,পুৰীৰ জগন্নাথ মন্দিৰ দৰ্শন কৰিবলৈ গৈ পুৰী ৰে’ল ষ্টেচনতে ৰৈ যাব লগা হ’ল এহাল লোক ৷ মৰিগাঁও হাবি বৰঙাবাৰীৰ শ্ৰীযুত যোগেননাথ আৰু শ্ৰীযুতা প্ৰবিত্ৰীদেৱী নামৰ এই ব্যক্তি দুগৰাকী পুৰী ৰে’ল ষ্টেচনতে ৰৈ যাব লগা হোৱাৰ বাতৰিয়ে নিশ্চয়কৈ চিন্তিত কৰি তুলিব তেওঁলোকৰ পৰিয়ালক ।
অতি দুখৰ কথা যে তেখেত সকলৰ হাতত বৰ্তমান টকা-পইচা একোৱেই নাই।এই কথা জনপ্ৰিয় সামাজিক মাধ্যম ফেচবুকৰ যোগেদি জনাইছে বুবু অসম নামৰ এজন মানৱ দৰদী তথা সমাজ সচেতন যুৱকে ৷ তেওঁ জনোৱা অনুসৰি দুইগৰাকী বৰ্তমান অত্যন্ত দুখত আছে । অৱশ্যে বৰ্তমান তেখেত সকলক পুৰী নামঘৰত ৰখা হৈছে ৷ লগতে তেওঁলোকৰ পৰিয়ালৰ কোনো সদস্য এই বিষয়ে জ্ঞাত হ’লে যোগাযোগ কৰিবলৈ ৬০০০৫৪৪০৯৩ এই ম’বাইল নম্বৰ উল্লেখ কৰিছে।উক্ত নম্বৰত যোগাযোগ কৰিলে তেওঁলোকৰ বিষয়ে সবিশেষ জানিব পাৰিব। ফেচবুক প’ষ্টটিৰ যোগেদি বুবু অসমৰ বন্ধুত্ব তালিকাত থকা বিশেষকৈ মৰিগাঁও অঞ্চলৰ সকলো ৰাইজকে এই বাতৰি শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনাইছে সচেতন যুৱকজনে ৷ যাতে ইয়াৰ দ্ব্যৰা ব্যক্তি দুগৰাকীৰ পৰিয়ালটোও উপকৃত হয় ।