বহুদিন ধৰি পশ্চিমবংগৰ সোণাৰপুৰ অঞ্চললৈ অহাযোৱা চলি আছিল দুগৰাকী মহিলাৰ ৷ গধুলি হ’লেই হাতত মোনা লৈ কাগজ,পেলনীয়া বস্তু বুটলাৰ চলেৰে অঞ্চলটোলৈ অহা মহিলা দুগৰাকীয়ে যে সঁচা অৰ্থত পেলনীয়া বস্তু বুটলিবলৈ অহা নাছিল সেই সত্য ইতিমধ্যেই উদ্ঘাটন হৈছে সোণাৰপুৰ আৰক্ষীৰ জেৰাত ৷ দুই মহিলাৰ প্ৰকৃত পৰিচয় পাই আশ্চৰ্যচকিত হৈছে স্থানীয় বাসিন্দা সকল ৷ দুই মহিলাৰ কবলৰ পৰা উদ্ধাৰ কৰা হৈছে প্ৰায় ১০লাখ টকাৰ সা-সম্পত্তি ৷ উদ্ধাৰ হৈছে সোণৰ গহণা,বাচন-বৰ্তন,ইলেক্ট্ৰনিক সা-সৰঞ্জামৰ লগতে আৰু বহু মূল্যবান সামগ্ৰী ৷ জানিব পৰা মতে প্ৰতিটো সামগ্ৰীয়েই সেই অঞ্চলৰ কোনোবা নহয় কোনোবা বাসিন্দাৰ ৷
শেষমেশ সোণাৰপুৰ থানাৰ আৰক্ষীৰ জালত পৰা দুই ধৃত মহিলাৰ নাম বিশাখা চৰকাৰ আৰু ৰহিমা খাটুন ৷পশ্চিম বংগৰ এক সম্ভ্ৰান্ত তথা জনবসতিপূৰ্ণ অঞ্চলত বাস কৰা মহিলা দুগৰাকীক সোমবাৰে নিশা পেট্ৰলিঙৰ সময়ত আৰক্ষীয়ে ধৰা পেলাবলৈ সক্ষম হয় ৷
আৰক্ষীৰ জেৰাত উদ্ধাৰ হৈছে চাঞ্চল্যকৰ তথ্য ৷ৰাতিপুৱাই ৰে’লত উঠি সোণাৰপুৰ অঞ্চলত সোমাই মহিলা দুগৰাকী ৷ পুৱাৰ ভাগত ৰেইকি কৰে দুয়ো আৰু সন্ধিয়া হ’লেই হাতত বস্তা লৈ আৰম্ভ কৰে আবৰ্জনা বুটলাৰ কাম ৷অঞ্চলটোৰ যাৰ ঘৰতেই আন্ধাৰ হৈ থকা দেখে সেই ঘৰতেই সোমাই সমূখত যি পাই তাকেই লুটি নিয়ে দুয়ো ৷ আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে মহিলা দুগৰাকীৰ পৰা উদ্ধাৰ কৰা হৈছে তলা ভাঙিব পৰা সৰঞ্জামো ৷ দুই ধৃত মহিলাৰ এনে কাৰ্যৰ অন্তৰালত আন কাৰোবাৰ হাত আছে নেকি সেয়া নিশ্চিত কৰিবলৈ তৎপৰ হৈ পৰিছে আৰক্ষী প্ৰশাসন ৷