আৰক্ষীৰ গুপ্তচৰৰ সন্দেহত দুজন যুৱকক আজি মৃত্যুদণ্ডৰে দণ্ডিত কৰে আলফা (স্বাধীন)-এ ৷ বাইহাটাৰ যুৱক সঞ্জীৱ শর্মা ওৰভে ঋষৱ অসম আৰু বৰপেটাৰ যুৱক ধনজিৎ দাস ওৰফে ৰূপক অসমক মৃত্যুদণ্ডৰে দণ্ডিত কৰে ৷ আজি এই কথা নিষিদ্ধ ঘোষিত সংগঠনটোৱে এক বিবৃতিৰ জৰিয়তে সদৰী কৰিছে ৷ লক্ষণীয় যে কিছুদিন পূর্বে সঞ্জীৱৰ কেইবাটাও ভিডিঅ’ প্ৰেৰণ কৰিছিল আলফা (স্বাধীন)-এ ৷ য’ত অসম আৰক্ষী আৰু সেনাৰ উচ্চপদস্থ বিষয়াই তেওঁক এক বিশেষ মিছনৰ বাবে আলফা (স্বাধীন)ত যোগদান কৰিবলৈ নির্দেশ দিয়াৰ কথা প্ৰকাশ কৰিছিল ৷ অসম আৰক্ষীৰ এজন শীর্ষ বিষয়াৰ নামো উচ্চাৰণ কৰিছিল সঞ্জীৱে ৷ এই মিছন সম্পূর্ণ কৰিলে আৰক্ষীয়ে তেওঁক এক কোটি টকা প্ৰদান কৰাৰ আশ্বাস প্ৰদান কৰা হৈছিল বুলিও সঞ্জীৱে ভিডিঅ’টোত প্ৰকাশ কৰিছিল ৷ আলফা (স্বাধীন)ৰ কেম্পসমূহ পৰিদর্শন কৰি আৰক্ষীক তথ্য যোগান ধৰিবলৈ নির্দেশ দিয়াৰ কথাও স্বীকাৰ কৰিছিল বাইহাটাৰ যুৱকজনে ৷ ইপিনে আজি দুই যুৱকক মৃত্যুদণ্ড দিয়াৰ বাতৰিয়ে যুৱক দুজনৰ বাসগৃহত সৃষ্টি কৰিছে শোকাকূল পৰিৱেশৰ ৷ স্বাভাবিকতে এই ঘটনাৰ পাছতে প্ৰশ্ন উত্থাপন হৈছে যে আৰক্ষীৰ হৈ আলফাত যোগদান কৰি মৃত্যুদণ্ড লাভ কৰা যুৱক দুজনৰ পৰিয়ালৰ দায়িত্ব কোনে বহন কৰিব ?