২০২৩বৰ্ষৰ ২৬জানুৱাৰীত গণতন্ত্ৰ দিৱস উদযাপনৰ বাবে উৎফুল্লিত সমগ্ৰ দেশবাসী ৷ ইফালে একে দিনাই বিদ্যাৰ অধিস্থাত্ৰী দেৱী সৰস্বতীৰ পূজা ৷ দুই উৎসৱ উপলক্ষে সমগ্ৰ দেশৰ লগতে অসমতো চলিছে ব্যাপক প্ৰস্তুতি ৷ কিন্তু গণতন্ত্ৰ দিৱস উদযাপনৰ প্ৰাক মূহুৰ্তত এটি বাতৰিয়ে চিন্তিত কৰি তুলিছে সকলোকে ৷ এন.কে.টিভিত সম্প্ৰচাৰ হোৱা এক বাতৰি অনুসৰি গণতন্ত্ৰ দিৱস বৰ্জনৰ ভাবুকি প্ৰদান কৰিছে আলফা(স্বাঃ)এ ৷ এন.কে.টি.ভি.ক আলফা(স্বাঃ) এ মেইলযোগে জনালে এই কথা ৷
আলফা(স্বাঃ)ৰ ভাবুকি অনুসৰি অহা ২৬জানুৱাৰীত নিশা ১বজাৰ পৰা সন্ধিয়া ৬বজালৈ অসমত হ’ব সৰ্বাত্মক বন্ধ ৷ অৱশ্যে এন.এছ.চি.এন,জি.পি.আৰ.এন. আৰু আলফা স্বাধীনৰ যৌথ বিবৃতি অনুসৰি জৰুৰীকালীন বিভাগ,সংবাদসেৱা,ধৰ্মীয় কামকাজত নাথাকিব কোনো বাধা ৷