১৮ বছৰৰ অনুর্ধৰ ছোৱালীক বিয়া কৰোৱা সকল সাৱধান হওঁক ৷ ৰাজ্যত পুনৰ আৰম্ভ হ’ব বাল্যবিবাহ বিৰোধী অভিযান ৷মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাই ঘোষণা কৰিছে যে অহা ১৫ ছেপ্টেম্বৰৰ পৰা ৰাজ্যজুৰি পুনৰ বাল্যবিবাহ বিৰোধী অভিযান চলোৱা হ’ব ৷ অৱশ্যে ১৫ ছেপ্টেম্বৰৰ পুর্বৰে পৰা আৰক্ষীয়ে আৰম্ভ কৰিছে বাল্যবিবাহ বিৰোধী অভিযান ৷ বৃহস্পতিবাৰে হোজাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে এজন অসাংবিধানিক স্বামীক ৷ এগৰাকী কিশোৰীক বিয়া কৰোৱা মজিবুৰ ৰহমান নামৰ লোকজনক হোজাইৰ নীলবাগানৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৷
উল্লেখ্য যে ইয়াৰ পূর্বেও ৰাজ্যজুৰি বাল্যবিবাহ বিৰোধী অভিযান চলোৱা হৈছিল ৷ দুসপ্তাহৰ অভিযানত গ্ৰেপ্তাৰ হৈছিল ৩,০৪৭ জন লোক ৷ ২৫১ জনে লোকে লাভ কৰিছিল জামিন ৷ বাল্যবিবাহৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছিল ৪২৩৫ টা ৷