ভাৰতীয় নৌসেনাত নিযুক্তিৰ সুযোগ লাভ কৰিব মহিলাই ৷ কেন্দ্ৰীয় চৰকাৰৰ ‘অগ্নিপথ’ আঁচনিৰ অধীনত নৌসেনাত ‘অগ্নিবীৰ’ৰ প্ৰথম গোটৰ ২০ শতাংশ পৰ্যন্ত মহিলা বাছনি কৰা হ’ব ৷ এই ‘অগ্নিবীৰ’সকলক দেশৰ সামুদ্ৰিক প্ৰতিৰক্ষা বাহিনীৰ বিভিন্ন শাখালৈ প্ৰেৰণ কৰা হ’ব বুলি নৌসেনাৰ বিষয়াসকলে আজি সদৰী কৰিছে ৷ ১ জুলাইৰ পৰা নৌসেনাই ‘অগ্নিপথ’ আঁচনিৰ অধীনত নিযুক্তি আৰম্ভ কৰিছে ৷ সোমবাৰে চৰকাৰী বিষয়াসকলে প্ৰকাশ কৰা অনুসৰি ইতিমধ্যে প্ৰায় ১০ হাজাৰ মহিলা প্ৰাৰ্থীয়ে আবেদন কৰিছে।নৌসেনাৰ বিষয়াসকলে কয় “নৌসেনাত অগ্নিপথ আঁচনি লিংগ নিৰপেক্ষ হ’ব। বর্তমান ৩০ গৰাকী মহিলা বিষয়াই ফ্ৰণ্টলাইন যুদ্ধ জাহাজত কর্তব্য কৰি আছে।” এইবাৰ প্ৰথমবাৰৰ বাবে নৌসেনাই মহিলাসকলক নাৱিক হিচাপে অনুমতি প্ৰদান কৰিব ৷তেওঁলোকক যুদ্ধজাহাজত নিয়োজিত কৰা হ’ব ৷
ইফালে, ২.৭ লাখৰো অধিক সম্ভাৱ্য ‘অগ্নিবীৰে’ বায়ুসেনাত যোগদানৰ বাবে আবেদন দাখিল কৰিছে ৷ আজি আবেদন দাকঘিলৰ সময়ৰ অন্ত পৰিছে ৷ যোৱা ২৪ জুনত বায়ুসেনাই আবেদন মুকলি কৰে। ১ জুলাইৰ পৰা ‘অগ্নিপথ’ আঁচনিৰ অধীনত সেনাবাহিনীয়ে নিযুক্তি আৰম্ভ কৰিছে ৷সমগ্ৰ দেশতে সেনাবাহিনীত নামভৰ্তিৰ বাবে সাক্ষ্যাৎকাৰ অনুষ্ঠিত কৰা হ’ব ৷
১৪ জুনত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আৰম্ভ কৰা ‘অগ্নিপথ’ আঁচনিখনক লৈ বিৰোধী দল আৰু সশস্ত্ৰ বাহিনীৰ আকাংক্ষীসকলৰ ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰিছিল