গুজৰাটৰ বিধানসভা নির্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে আকর্ষণীয় হৈ উঠিছে নির্বাচনী পৰিৱেশ ৷ বিশেষকৈ আপে ৰাজ্যখনত খোপনি পুতিবলৈ কৰা চেষ্টাৰ পাছতে বিজেপি বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে ৷ ইয়াৰ মাজতে আজি এখন সভাত নাম নোলোৱাকৈ আপক আক্ৰমণৰ লক্ষ্য কৰি লয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ ৰূপ সলনি কৰি গুজৰাটত আধুনিক নক্সালে প্ৰৱেশৰ চেষ্টা কৰিছে বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ গুজৰাটৰ ভৰুচ জিলাত দেশৰ প্ৰথমখন বৃহৎ ড্ৰাগ পাৰ্কৰ আধাৰশিলা স্থাপন কৰাৰ পিছতে এই মন্তব্য কৰে প্ৰধানমন্ত্ৰী মোদীয়ে ৷
চলিত বর্ষৰ শেষৰফালে হ’বলগীয়া নির্বাচনৰ পূর্বে খোপনি পুতিবলৈ চেষ্টা কৰা আপক লক্ষ্য কৰি তেওঁ কয় -“আধুনিক নক্সালসকলে নতুন ৰূপ লৈ ৰাজ্যত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছে। তেওঁলোকে নিজৰ সাজ-পোছাক সলনি কৰিছে। তেওঁলোকে আমাৰ নিৰীহ আৰু শক্তিশালী যুৱক-যুৱতীসকলক তেওঁলোকক অনুসৰণ কৰিবলৈ বিপথে পৰিচালিত কৰিছে। আধুনিক নক্সালসকলে ওপৰৰ পৰা আহি খোপনি পুতিবলৈ চেষ্টা কৰিছে ৷ আমি আমাৰ যুৱ প্ৰজন্মক ধ্বংস হ’বলৈ নিদিওঁ। দেশ ধ্বংসৰ কাম হাতত লোৱা অধুনিক নক্সালসকলৰ বিৰুদ্ধে আমি আমাৰ সন্তানক সতৰ্ক কৰি দিয়া উচিত। তেওঁলোক বিদেশী শক্তিৰ এজেণ্ট। গুজৰাটে তেওঁলোকৰ বিৰুদ্ধে মূৰ নোদোৱাই, গুজৰাটে তেওঁলোকক ধ্বংস কৰিব।’
প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কয় যে ২০১৪ চনত প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ সময়ত ভাৰতৰ অৰ্থনীতি বিশ্বৰ ভিতৰত দশম স্থানত আছিল ৷ এতিয়া ই পঞ্চম স্থানত উপনীত হৈছে।