পুনৰ পেণ্টাগনৰ শীর্ষ পদবীত নিযুক্তি লাভ কৰিছে এগৰাকী ভাৰতীয় মূলৰ মহিলাই ৷ ডিফেন্স অৱ একুইজেচন এণ্ড ছাষ্টেইনমেণ্টৰ উপ অৱৰ সচিব হিচাপে নিযুক্তি প্ৰদান কৰা হৈছে নিৰাপত্তা বিশেষজ্ঞ ৰাধা আয়েংগাৰ প্লাম্বক ৷আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনৰ সন্মতিসাপেক্ষে তেওঁক এই পদত নিযুক্তি দিয়া হৈছে ৷বৰ্তমান উপ-প্ৰতিৰক্ষা সচিবৰ মুখ্য কৰ্মচাৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা প্লাম্বক বুধবাৰে পেন্টাগনৰ শীৰ্ষ পদৰ বাবে মনোনীত কৰা হয়।
মুখ্য কৰ্মচাৰী হিচাপে নিযুক্তি পোৱাৰ পূৰ্বে তেওঁ গুগলৰ গৱেষণা সাখাৰ গুৰুত্বপূর্ণ পদবীত নিয়োজিত হৈ আছিল ৷ ইয়াৰ পূৰ্বে তেওঁ ফেচবুকৰ নীতি বিশ্লেষণৰ গ্ল’বেল হেড হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল ৷ ৰেণ্ড কৰ্প’ৰেশ্যনৰ এগৰাকী জ্যেষ্ঠ অৰ্থনীতিবিদ হিচাপেও তেওঁ কর্মৰত আছিল ৷ ইয়াৰ উপৰিও তেওঁ প্ৰতিৰক্ষা বিভাগ, শক্তি বিভাগ, আৰু হোৱাইট হাউছৰ ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদত কেইবাটাও জ্যেষ্ঠ পদবীত কাৰ্যনিৰ্বাহ কৰি আহিছে।
কেৰিয়াৰৰ আৰম্ভণিতে তেওঁ লণ্ডন স্কুল অৱ ইকনমিক্সৰ সহকাৰী অধ্যাপিকা আছিল ৷ হাভার্ডৰ পৰা প্লাম্বে পি এইচ ডি লাভ কৰে। প্ৰিন্সটন বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতিত এম এছ ডিগ্ৰী লাভ কৰিছে ৷ মেছাচুচেটছ ইনষ্টিটিউট অৱ টেকন’লজিৰ পৰা তেওঁ বি এছ ডিগ্ৰী লাভ কৰিছে।