আপুনি ক্ৰয় কৰিব বিচৰা গাড়ীখন দূর্ঘটনাপ্ৰৱণ নেকি ? লাখ টকাৰে ক্ৰয় কৰা গাড়ীখন কিমান সুৰক্ষিত ? এতিয়াৰে পৰা আপুনি এই কথা গাড়ী ক্ৰয়ৰ পূর্বে জানিবলৈ সক্ষম হ’ব ৷ কিয়নো শীঘ্ৰে ভাৰতত গাড়ীৰ ক্ষেত্ৰত প্ৰদান কৰা হ’ব ষ্টাৰ ৰেটিং ব্যৱস্থা ৷ ক্ৰেচ টেষ্টৰ ভিত্তিত প্ৰদান কৰা হ’ব এই ষ্টাৰ ৰেটিং ব্যৱস্থা ৷ এই কথা ঘোষণা কৰিছে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে ৷ আজি তেওঁ কয় যে নতুন গাড়ী মূল্যায়ন কাৰ্যসূচীৰ অধীনত এই ৰেটিং ব্যৱস্থাৰ প্ৰস্তাৱ দিয়া হৈছে ৷
গাডকাৰীয়ে কয় যে ভাৰত এনচিএপিয়ে গ্ৰাহককেন্দ্ৰিক মঞ্চ হিচাপে কাম কৰিব, যাৰ ফলত গ্ৰাহকে তেওঁলোকৰ ষ্টাৰ-ৰেটিংৰ ওপৰত ভিত্তি কৰি সুৰক্ষিত গাড়ী বাছি ল’ব পাৰিব ৷ একে সময়তে মূল নির্মাতাসমূহৰ মাজত সুৰক্ষিত বাহন নিৰ্মাণ কৰিবলৈ প্ৰচাৰ চলোৱা হ’ব ৷
তেওঁ কয়, ‘মইভাৰত এনচিএপি (নিউ গাড়ী মূল্যায়ন কাৰ্যসূচী) প্ৰৱৰ্তনৰ বাবে জি এছ আৰ অধিসূচনাৰ খচৰাত অনুমোদন জনাইছো, য’ত ভাৰতৰ অটোম’বাইলসমূহক ক্ৰেচ টেষ্টত কৰা প্ৰদৰ্শনৰ ওপৰত ভিত্তি কৰি ষ্টাৰ ৰেটিং প্ৰদান কৰা হ’ব।“
পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰীগৰাকীয়ে জোৰ দি কয় যে ক্ৰেচ টেষ্টৰ ওপৰত ভিত্তি কৰি ভাৰতীয় গাড়ীৰ ষ্টাৰ ৰেটিং কেৱল গাড়ীত গাঁথনিগত আৰু যাত্ৰীৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবেই নহয়, ভাৰতীয় অটোম’বাইলৰ ৰপ্তানিযোগ্যতা বৃদ্ধিৰ বাবেও অত্যন্ত গুৰুত্বপূৰ্ণ।
ভাৰত এনচিএপিৰ পৰীক্ষণ প্ৰট’কল বিশ্বব্যাপী ক্ৰেচ-টেষ্ট প্ৰট’কলৰ সৈতে একে কৰা হ’ব ৷ যাৰ ফলত বাহিৰৰ প্ৰতিষ্ঠানসমূহে ভাৰতৰ নিজা আভ্যন্তৰীণ পৰীক্ষণ কেন্দ্ৰত তেওঁলোকৰ বাহনসমূহ পৰীক্ষা কৰাব পাৰিব বুলি গডকাৰীয়ে কয়।