: লুধিয়ানাৰ এখন ব্যক্তিগত চিকিৎসালয়ত দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা জনপ্ৰিয় পাঞ্জাবী গায়ক সুৰিন্দৰ ছিন্দাৰ মৃত্যু হয় ৷ পুত্ত জত্তন দে, জট দেওনা মৰ্হ আৰু ট্ৰাক বালিয়াৰ দৰে হিট গীতৰ বাবে পৰিচিত আছিল জনপ্ৰিয় পাঞ্জাবী গায়ক সুৰিন্দৰ ছিন্দা ৷ ৬০ বছৰীয়া সুৰিন্দৰ ছিন্দাই দয়ানন্দ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে ৷ তেওঁ কেইবাখনো পাঞ্জাবী ছবি যেনে পুট জত্তন দে, উচা দৰ বাবে নানক দা আৰু বদলা জাট্টি দা আদিত অভিনয় কৰিছিল
গায়ক, ৰাজনীতিবিদকে ধৰি বহু লোকে ছিন্দাৰ মৃত্যুত শোক প্ৰকাশ কৰে। পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে টুইট কৰি কয়, “বিখ্যাত গায়ক সুৰিন্দৰ ছিন্দাৰ মৃত্যুৰ খবৰ পাই বৰ মর্মাহত হৈছো ৷ পঞ্জাৱৰ কণ্ঠ চিৰদিনৰ বাবে নিস্তব্ধ হৈ পৰিল।” শিৰোমণি আকালি দলৰ মুৰব্বী সুখবীৰ সিং বাদলে কয় যে পাঞ্জাবী সংগীতৰ প্ৰতি কণ্ঠশিল্পীগৰাকীৰ অৱদান অমূল্য।
“অনুৰাগীসকলৰ লগতে কিংবদন্তি পাঞ্জাবী গায়ক সুৰিন্দৰ ছিন্দাৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছো । পাঞ্জাবী সংগীতৰ প্ৰতি তেওঁৰ অৱদান অমূল্য। তেওঁৰ কণ্ঠ আছিল অবিশ্বাস্যভাৱে শক্তিশালী। “- টুইটত এইদৰে কয় বাদলে।
কণ্ঠশিল্পী-অভিনেতা হৰভজন মানেও তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰি কয় যে পাঞ্জাবী সংগীতে কেতিয়াও পূৰণ কৰিব নোৱাৰা ক্ষতিৰ সন্মুখীন হৈছে। এটা টুইটযোগে মানে কয় যে পাঞ্জাবী লোকগীতৰ সোণালী যুগৰ অন্ত পৰিল ৷