মৃত্যু কেতিয়া আহিব কোনেও নাজানে। কিন্তু মৃত্যুৰ পাছত একেলগে থাকিব বিচৰা এহাল বৃদ্ধ দম্পত্তিৰ কার্যই চর্চা লাভ কৰিছে ৷ মৃত্যুৰ পাছতো যাতে একেলগে থাকিব পাৰে তাৰ বাবে বৃদ্ধ দম্পতীয়ে লাখ লাখ টকা খৰচ কৰি নিজৰ বাবে নির্মাণ কৰিছে সমাধিস্থল । মৃত্যুৰ আগতে আশীতিপাৰ লক্ষ্মণ ভূঞা আৰু তেওঁৰ ৭০ বছৰীয়া পত্নী জেংগীয়ে গাঁৱৰ মানুহক নিমন্ত্ৰণ কৰি এসাজ খুৱাই বুলিও জানোব পৰা গৈছে ৷ ওড়িশাৰ গাজাপতি জিলাৰ নুৱাগাডা ব্লকৰ ছ’ৰী গাঁৱৰ বাসিন্দা এই দম্পতীহাল। পত্নীৰ বাহিৰে বৃদ্ধ লক্ষ্মণৰ আৰু কোনো নাই ৷
বুঢ়া লক্ষ্মণৰ আজীৱন পুঁজিৰ লগত চৰকাৰী ভাট্টা মিলাই তেওঁৰ আৰু তেওঁৰ পত্নীৰ খাদ্য আৰু ঔষধৰ খৰচ বহন কৰে। ঘৰৰ ওচৰতে তেওঁৰ অলোপ ভূমি আছিল ৷ সেই ভুমিডোখৰ বিক্ৰী কৰি পোৱা টকাৰে তেওঁ নিজৰ আৰু পত্নীৰ বাবে সমাধিস্থল নির্মাণ কৰে ৷ ইয়াৰ পাছত ৰৈ যোৱা ধনেৰে গাঁৱৰ মানুহক খাদ্য খুৱাই তেওঁ ব্যয় কৰে ৷
লক্ষ্মণ আৰু জেংগীৰ আছে পুত্ৰ-কন্যা আছে। কিন্তু তেওঁলোকৰ কোনোৱেই বৃদ্ধ দম্পতীহালক চোৱাচিতা নকৰে৷ আৰু সেইবাবেই লক্ষ্মণ আৰু জেংগীয়ে প্ৰায় ডেৰ লাখ টকা খৰচ কৰি এই সমাধিটো নিৰ্মাণ কৰাৰ সিদ্ধান্ত লৈছিল। লক্ষ্মণৰ ভাষাত “আমি জীৱনৰ শেষ বয়সত উপনীত হ’লোঁ৷ কেতিয়া মৰিম নাজানো। মৃত্যুৰ পিছত আমি ইয়াত সমাধিত একেলগে থাকিম। গতিকে এই সমাধিস্থলটো মই নিজৰ ইচ্ছামতে বনালোঁ।”
স্থানীয় বাসিন্দাসকলে কয় যে দুই-তিনিবছৰ পূৰ্বৰে পৰা এই দুটা কবৰ নিৰ্মাণ কৰা হৈছিল। নিৰ্মাণৰ শেষত দম্পতীহালে গাঁওবাসীৰ বাবে এক ভোজৰ আয়োজনো কৰে। এজন গাঁৱৰ মানুহে কয়-, “লক্ষ্মণে তেওঁৰ আৰু তেওঁৰ পত্নীৰ বাবে সমাধিস্থল নিৰ্মাণ কৰা দেখি আমি আচৰিত হৈছিলো।তেওঁলোকক চাবলৈ কোনো নাই। সেইবাবেই তেওঁ এই সিদ্ধান্ত লৈছিল।লক্ষ্মণ আৰু তেওঁৰ পত্নীৰ সমাধিস্থলৰ খবৰ পোহৰলৈ অহাত ওড়িশাত হুলস্থুলৰ সৃষ্টি হৈছে । দম্পতীহালৰ সমাধিস্থল দূৰৰ পৰা চাবলৈ সোৰি গাঁৱত সাধাৰণ মানুহে ভিৰ কৰা পৰিলক্ষিত হৈছে ৷