দিল্লীত নতুন সংসদ ভৱন উদ্বোধন অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৭৫ টকীয়া মুদ্ৰা মুকলি কৰে । সংসদ ভৱন উদ্বোধন হোৱাৰ দিনটোৰ স্মৃতিত এই মুদ্ৰা মুকলি কৰা হৈছে। ইয়াক স্মৃতি মুদ্ৰা বুলিও কোৱা হৈছে ৷ সাধাৰণ ৰাইজে এই মুদ্ৰা কেনেকৈ পাব? দৈনিক লেনদেনত ব্যৱহাৰ কৰিব পাৰিনে? এই মুদ্ৰা ক’ৰ পৰা লাভ কৰিব ?
এই ৭৫ টকীয়া মুদ্ৰাটো যিকোনো ব্যক্তিয়ে নিজৰ সংগ্ৰহত ৰাখিব পাৰে। কিন্তু স্মৃতি মুদ্ৰা হোৱাৰ বাবে বজাৰত সামগ্ৰী ক্ৰয় কৰিব নোৱাৰিব। এই মুদ্ৰা লেনদেনৰ বাবে ব্যৱহাৰ কৰিব নোৱাৰিব। ব্যক্তিগত সংগ্ৰহৰ বাবে এই মুদ্ৰাটো ল’ব পাৰিব। কিন্তু সেই ক্ষেত্ৰত চৰকাৰৰ পৰা টকাৰে মুদ্ৰা কিনিব লাগিব।
৭৫ টকীয়া মুদ্ৰা ক্ৰয় কৰিবলৈ ভাৰত চৰকাৰৰ মিন্টৰ ৱেবছাইট (www.indiagovtmint.in) মুকলি কৰিছে । য’ত মুদ্ৰা বুকিং কৰিব পাৰিব। এই মুদ্ৰাৰ ক্ৰয় মূল্য এতিয়াও নিৰ্ধাৰণ কৰা নাই চৰকাৰে। কিন্তু একাংশ সূত্ৰই দাবী কৰিছে যে কেৱল মুদ্ৰা তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা সামগ্ৰীৰ ব্যয় ১৩০০ টকা।
ইয়াৰ পূৰ্বে মোডীৰ ‘মন কি বাত’ৰ ১০০ সংখ্যক খণ্ডৰ স্মৃতিত এটা মুদ্ৰাও মুকলি কৰা হৈছিল। সেই মুদ্ৰাৰ ৩৫ গ্ৰামৰ মূল্য ৩৪৯৪ টকা নিৰ্ধাৰণ কৰিছে চৰকাৰে। অহা কেইদিনমানৰ ভিতৰত চৰকাৰে ৭৫ টকীয়া মুদ্ৰা ক্ৰয় কৰিবলৈ কিমান টকাৰ পৰিমাণ অৱগত কৰিব।
১৯৬৪ চনৰ পৰা ভাৰতত ১৫০ টাতকৈও অধিক এনে স্মৃতি মুদ্ৰা জাৰি কৰা হৈছে। যিকোনো গুৰুত্বপূৰ্ণ অনুষ্ঠানৰ স্মৃতিত চৰকাৰে মুদ্ৰা জাৰি কৰে। ৭৫ টকীয়া নতুন মুদ্ৰা এতিয়া মুদ্ৰা সংগ্ৰাহকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু।