জলবায়ু পৰিৱর্তনে শীঘ্ৰে অশনি সংকেত কঢ়িয়াই অনাৰ সম্ভাৱনাই দেখা দিছে ৷ গোলকীয় উষ্ণতা বৃদ্ধিৰ চিন্তাত চূড়ান্ত সতৰ্কবাণী দিছে আই পি চি চিয়ে ৷ইয়াৰ এক প্ৰতিবেদনত কোৱা হৈছে যে সেউজ গৃহ গেছৰ নিৰ্গমন বৃদ্ধিৰ বাবে অহা দশকত গোলকীয় উষ্ণতাৰ হাৰ ১.৫ ডিগ্ৰী চেলছিয়াছ হ’ব পাৰে। ফলত জলবায়ু পৰিৱৰ্তনৰ হাৰ ত্বৰান্বিত হ’ব। সমগ্ৰ পৰিৱেশ তন্ত্ৰৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰিব পাৰে। এতিয়া যদি ব্যৱস্থা গ্ৰহণ কৰা নহয় তেন্তে বহু পলম হ’ব বুলি আশংকা প্ৰকাশ কৰিছে আই পি চি চিয়ে প্ৰকাশ কৰা ‘সংশ্লেষণ’ প্ৰতিবেদনত। কোৱা হৈছে যে পৃথিৱীৰ সকলো দেশেই পৰিবেশৰ এই ভয়াবহ অৱস্থাৰ পৰা বচাবলৈ পদক্ষেপ ল’ব লাগিব। লক্ষ্য হৈছে ২০৩০ চনৰ ভিতৰত সেউজ গৃহ গেছৰ নিৰ্গমন আধালৈ আৰু ২০৫০ চনৰ ভিতৰত শূন্যলৈ হ্ৰাস কৰিব লাগিব ।
ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ’ গুটেৰেছে মন্তব্য কয়-, পাতল বৰফৰ ওপৰত অৱস্থান কৰি আছে মানৱ জাতি ৷ সেই বৰফ দ্ৰুতগতিত গলিছে। গতিকে সমগ্ৰ বিশ্বতে পৰিৱেশ সম্পৰ্কীয় ব্যৱস্থাৰ প্ৰয়োজন।“ বৰ্তমানৰ পৰিস্থিতিক ‘টাইম বোমা’ৰ সৈতে তুলনা কৰি তেওঁ কয় যে আই পি চি চিৰ নতুন প্ৰতিবেদনত সেই বোমাটো নিষ্ক্ৰিয় কৰাৰ দাবী কৰা হৈছে।
প্ৰসংগক্ৰমে সপ্তাহজোৰা বৈঠকৰ অন্তত ১৯৫খন দেশৰ অনুমোদন লৈ ‘সংশ্লেষণ’ প্ৰতিবেদন প্ৰকাশ পালে। উষ্ণতা বৃদ্ধিৰ প্ৰভাৱ সমগ্ৰ বিশ্বতে অনুভৱ কৰা হৈছে। এই পৰিস্থিতি অব্যাহত থাকিলে আগন্তুক দিনত গ্ৰীষ্মপ্ৰৱাহৰ বাবে লাখ লাখ লোকৰ মৃত্যুৰ আশংকা কৰা হৈছে ৷ খাদ্য আৰু পানীৰ নাটনি হ’ব পাৰে। ফলত দুৰ্ভিক্ষৰ সৃষ্টি হ’ব পাৰে। বৰফ গলিলে সাগৰৰ জলপৃষ্ঠ বৃদ্ধি পাব পাৰে।“