শুকুৰবাৰে তামিলনাডুৰ মাদুৰাইত বহুমূল্যবান চোৰাং এম্বাৰগ্ৰিছৰ সৈতে গ্ৰেপ্তাৰ কৰা হয় তিনিজন লোকক ৷ জানিব পৰা মতে এই এম্বাৰগ্ৰিছ টুকুৰাৰ মূল্য ১০ কোটি টকাৰো অধিক । বন বিভাগৰ বিষয়াসকলে চলোৱা চোৰাং ব্যৱসায় বিৰোধী এক অভিযানত আটক কৰা হয় উক্ত তিনি সৰবৰাহকাৰীক।
বন বিষয়াসকলে জনোৱা মতে, প্ৰায় ১১ কিলোগ্ৰাম ওজনৰ এম্বাৰগ্ৰিছ টুকুৰা মাদুৰাইলৈ চোৰাংকৈ অনা হৈছে বুলি পোৱা এক গোপন তথ্যৰ ভিত্তিত চলোৱা হৈছিল এই অভিযান।