ভাৰতীয়ৰ ভ্ৰমণ তালিকাৰ শীৰ্ষত আছে থাইলেণ্ড। ভাৰতীয় পৰ্যটকসকলে এই দেশৰ অনন্য সুন্দৰ প্ৰকৃতি, আকাশচুম্বী ঘৰ, নৈশজীৱন, সংস্কৃতিৰ প্ৰতি আগ্ৰহী। অৱশ্যে থাইলেণ্ড প্ৰিয়ৰ তালিকাত স্থান পোৱাৰ এটা কাৰণ হ’ল এই দেশলৈ যাত্ৰাৰ খৰচ অতি উচ্চ নহয়। কিন্তু বিদেশী ৰাষ্ট্ৰ এখনলৈ যোৱাৰ ক্ষেত্ৰত কেইবাখনো নথি-পত্ৰ সদায় লগত ৰাখিব লাগে। থাইলেণ্ডো ইয়াৰ ব্যতিক্ৰম নহয়। কিছুমান নথি-পত্ৰ সাধাৰণতে বিদেশ ভ্ৰমণৰ বাবে ৰখাটো প্ৰয়োজনীয়। অৱশ্যে প্ৰতিখন দেশৰ ভ্ৰমণৰ নিয়ম বেলেগ বেলেগ। কোনবোৰ নথি-পত্ৰ হাতত ৰাখিব লাগে জানি লওক।
পাছপ’ৰ্টৰ বৈধতা
বিদেশ ভ্ৰমণৰ বাবে পাছপ’ৰ্ট অতি গুৰুত্বপূৰ্ণ নথি। আন দেশলৈ যাওঁতে কমেও ছমাহৰ বাবে পাছপ’ৰ্ট বৈধ কৰি ৰাখিবলৈ চেষ্টা কৰক। এই ক্ষেত্ৰত প্ৰতিখন দেশৰ নিয়ম বেলেগ বেলেগ। থাইলেণ্ডত প্ৰৱেশ কৰিবলৈ হ’লে কমেও এমাহৰ বৈধতা থকা মূল পাছপ’ৰ্টৰ প্ৰয়োজন। এই ক্ষেত্ৰত বিভিন্ন বিমান সংস্থা আৰু থাই ইমিগ্ৰেচন কাৰ্যালয় যথেষ্ট কঠোৰ। যদি আপোনাৰ পাছপ’ৰ্ট এমাহতকৈও কম বৈধতাৰ হয়, তেন্তে থাইলেণ্ডত উপস্থিত হোৱাৰ পিছতো আপুনি প্ৰৱেশৰ বাধাৰ সন্মুখীন হ’ব পাৰে। গতিকে যদি আপুনি বিদেশ ভ্ৰমণৰ পৰিকল্পনা কৰিছে তেন্তে পাছপ’ৰ্ট বৈধ হয় নে নহয় পৰীক্ষা কৰক।
ভিছা
বিদেশত থাকিবলৈ আৰু যাত্ৰা কৰিবলৈ ভিছাৰ প্ৰয়োজন। দেশভেদে ভিছাৰ নিয়ম বেলেগ বেলেগ। থাইলেণ্ডৰ ভিছাৰ নিয়মো বেলেগ । কিছুমান ভিছা বিনামূলীয়াকৈ পোৱা যায়, কিছুমানৰ আগতীয়াকৈ ভিছাৰ প্ৰয়োজন হয়, কিছুমান দেশত উপস্থিত হোৱাৰ লগে লগে পোৱা যায় ভিছা । আন দেশত উপস্থিত হোৱাৰ লগে লগে কেৱল পৰ্যটকেহে ভিছাৰ সুবিধা লাভ কৰে। কিন্তু তাৰ বাবে ভোটাৰ কাৰ্ড, পান কাৰ্ড, আধাৰ কাৰ্ড, ফটোগ্ৰাফ আৰু অন্যান্য গুৰুত্বপূৰ্ণ নথি-পত্ৰৰ প্ৰয়োজন। গতিকে ভ্ৰমণৰ সময়ত সকলো প্ৰয়োজনীয় নথি-পত্ৰ একেলগে ৰাখক; ই লাভজনক হ’ব।
হোটেল বুকিঙৰ তথ্য
যিকোনো ঠাইত হোটেলত কিমান দিন থাকিব, থাইলেণ্ডত প্ৰৱেশ কৰাৰ সময়ত সেই তথ্য দিব লাগিব। ইমিগ্ৰেচন বিভাগেও জানিব বিচাৰে এই তথ্য । গতিকে হোটেলখনৰ লগত জড়িত সকলো নথি-পত্ৰ ৰখাটো গুৰুত্বপূৰ্ণ। নিশ্চিত হোটেল বুকিঙৰ লগত নথি-পত্ৰও থাকিব লাগে।
সকলো বুকিং নথি লগত ৰাখিব লাগে
বিমানৰ টিকটকে ধৰি সকলো প্ৰয়োজনীয় বুকিং নথি-পত্ৰ হাতত ৰাখক। কেতিয়াবা ইমিগ্ৰেচন অফিচে চাব বিচাৰিব পাৰে। উপযুক্ত কাগজ-পত্ৰ লাভ নকৰিলে নিৰ্দিষ্ট সময়ৰ পূৰ্বে ঘৰলৈ উভতি যাবলৈ নিৰ্দেশ দিব ইমিগ্ৰেচন বিষয়াই।
বীমা
বিদেশলৈ যাওঁতে ভ্ৰমণ বীমা অতি গুৰুত্বপূৰ্ণ। বিদেশত বেমাৰত পৰিলে, লাগেজ হেৰুৱালে বা যিকোনো কাৰণত ভ্ৰমণ বাতিল কৰিলে এক বৃহৎ লোকচানৰ সন্মুখীন হ’ব লাগে ৷ বীমা কৰিলে প্ৰয়োজনৰ সময়ত বহুতো সুবিধা পোৱা যায়। ক্ষতিপূৰণো লাভ কৰিব আপুনি ৷
মুদ্ৰা বিনিময়
প্ৰতিখন দেশৰ মুদ্ৰা বেলেগ বেলেগ। বস্তু কিনাকে ধৰি সকলো কাম আপুনি যোৱা দেশৰ মুদ্ৰাত কৰিব লাগিব। ইয়াৰ বাবে মুদ্ৰা বিনিময়ৰ প্ৰয়োজন। মুদ্ৰা বিনিময়ৰ কাগজ-পত্ৰ ৰখাটো প্ৰয়োজন। বহিঃৰাজ্যত যদি আৰক্ষী আৰু প্ৰশাসনে সন্দেহ কৰে তেন্তে আপুনিও ডাঙৰ বিপদত পৰিব পাৰে।