ভাৰত বায়’টিকৰ কভিদ ভেকচিন ক’ভেক্সিনলৈ অৱশেষত বিশ্ব স্বাস্থ্য সংস্থাই ব্যৱহাৰৰ বাবে অনুমোদন জনায়। জৰুৰীকালীন অৱস্থাত এই ভেকচিন প্ৰদান কৰিব পাৰিব বুলি অনুমতি প্ৰদান কৰে।
কেইবাটাও পুনঃ পৰীক্ষাৰ মাজেৰে দীৰ্ঘদিনৰ প্ৰচেষ্টাৰ অন্তত ভাৰত বায়টিক কোম্পানীয়ে অৱশেষত স্বীকৃতি লাভ কৰিলে। পূৰ্বতে ক’ভেক্সিন গ্ৰহণ কৰা যাত্ৰীসকলৰ ক্ষেত্ৰত বিদেশ ভ্ৰমণ কৰাত বাধা আৰোপ কৰা হৈছিল। হয়তো শীঘ্ৰেই এই বাধা আঁতৰ হ’ব।