দিল্লীত সুশাসনেৰে সকলোৰে মন জয় কৰা মুখ্যমন্ত্ৰী অৰৱিন্দ কেজৰিৱালৰ নেতৃত্বাধীন আম আদমী পার্টীয়ে(আপ) আন এক অভিলেখ ৰচনা কৰিলে পঞ্জাৱত ৷ যোৱা সাত দশক ধৰি ৰাজ্যখনত শাসন কৰি অহা কংগ্ৰেছ আৰু শিৰোমণি আকালি দল (এছ এ ডি)ক পৰাজিত কৰি শাসনৰ গাদীত বহাৰ দিশে আগবাঢ়িছে আপ ৷ কিন্তু কি কাৰণত বিজেপিৰ পৰিৱর্তে আপক বাচি ল’লে পঞ্জাৱৰ জনসাধাৰণে ৷
১)পৰিৱৰ্তনৰ হুংকাৰ
পঞ্জাৱত এছ এ ডি আৰু কংগ্ৰেছে সালসলনিকৈ পৰম্পৰাগতভাৱে ক্ষমতাৰ গাদী দখল কৰি আহিছে ৷ কিন্তু এইবাৰ বিশেষকৈ পঞ্জাৱ, মালৱাৰ লোকসকলে পৰিৱৰ্তনৰ বাবে ভোট দিছিল। ৰাজ্যজুৰি প্ৰতিধ্বনিত হোৱা বাৰ্তাটো আছিল যে ভোটাৰসকলে ৭০ বছৰ ধৰি দুয়োটা বৃহৎ দলৰ শাসন দেখিলে যদিও তেওঁলোকে ৰাজ্যবাসীয়ে বিচৰা ধৰণে ফলাফল প্ৰদান কৰাত ব্যর্থ হ’ল ৷ সেয়েহে এয়া আন দলক সুযোগ দিয়াৰ সময় বুলি পাঞ্জাৱৰ লোকসকলে ভাবিবলৈ আৰম্ভ কৰিলে ৷ । আপে আৰম্ভ কৰা “ইজ বাৰ না খাৱাংগে ধোখা, ভগৱন্ত মান তে কেজৰিৱাল নু দেৱাংগে মৌকা (এইবাৰ আমি আৰু প্ৰৱঞ্চিত নহ’ও, ভগৱন্ত মান আৰু কেজৰিৱালক দিম সুযোগ)” শ্লোগান ৰাজ্যজুৰি প্ৰতিধ্বনিত হৈছিল ৷ বিশেষকৈ ৰাজ্যখনৰ স্থিতাৱস্থা আৰু উপাৰ্জন হ্ৰাসে ৰাজ্যবাসীক অতিষ্ঠ কৰি তুলিছিল ৷
২) দিল্লী মডেল
আপৰ মুৰব্বী আৰু দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে তেওঁৰ দিল্লীৰ শাসন আৰ্হিৰ চাৰিটা স্তম্ভৰ বাবে ভোটাৰসকলৰ সৈতে তাৎক্ষণিক ভাৱে সম্পৰ্ক স্থাপন কৰিবলৈ সক্ষম হৈছিল ৷ উচ্চ মানসম্পন্ন চৰকাৰী শিক্ষা, বিনামূলীয়া স্বাস্থ্য, বিদ্যুৎ আৰু পানী যোগান ব্যৱস্থাৰে দিল্লীত অনা পৰিৱর্তনে মন চুই গৈছিল পঞ্জাৱবাসীৰ ৷ বিজুলীৰ অত্যাধিক মাচুল বৃদ্ধি তথা স্বাস্থ্য আৰু শিক্ষা ব্যক্তিগতকৰণ কৰণত দিয়া অধিক গুৰুত্বৰ বাবে পূর্বৰ চৰকাৰৰ প্ৰতি ক্ষোভিত হৈ পৰিছিল ৰাজ্যবাসী ৷
৩) যুৱ আৰু মহিলা
অপে এিবাৰৰ নির্বাচনত যুৱ আৰু মহিলা ভোটাৰসকলৰ পৰা সমৰ্থন লাভ কৰিছিল ৷ কিয়নো যুৱ ভোটাৰসকলে এটা নতুন দল আৰু ‘আম আদমী’ক এটা সুযোগ দিব বিচাৰিছিল। কেজৰিৱালে ৰাজ্যখনত দুৰ্নীতি ৰোধ কৰাৰ প্ৰতিশ্ৰুতি দিয়াৰ লগতে যুগ যুগ ধৰি চলি অহা ব্যৱস্থাৰ পৰিৱর্তনৰ বাবে দিয়া আশ্বাসে যুৱক-যুৱতীসকলৰ মন স্পর্শ কৰিছিল ৷ এক নতুন শাসনব্যৱস্থা প্ৰৱর্তন কৰি শিক্ষা আৰু নিযুক্তিক অধিক গুৰুত্ব প্ৰদান কৰিছিল আপে ৷ একেদৰে ৰাজ্যখনৰ মহিলাসকলৰ একাউণ্টত প্ৰতি মাহে ১,০০০ টকাকৈ প্ৰদান কৰিব বুলি দিয়া আপৰ প্ৰতিশ্ৰুতিয়ে মহিলা ভোটাৰৰ মন জয় কৰিছিল ৷
৪)মুখ্যমন্ত্ৰীৰ প্ৰার্থী হিচাপে ভগৱন্ত মান
ভগৱন্ত মানক মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে আগতীয়াকৈ কৰা ঘোষণাই ভোটাৰৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলাইছিল ৷ জনপ্ৰিয় কৌতুক অভিনেতা হিচাপে ৰাজনৈতিক আৰু সামাজিক ব্যংগৰ জৰিয়তে পাঞ্জাৱীৰ হৃদয়ত স্থান লাভ কৰা ভগৱন্ত মানক ৰাজ্যবাসীয়ে খিলঞ্জীয়া ভূমি পুত্ৰ হিচাপে গ্ৰহণ কৰি আহিছে ৷ ভাড়াঘৰত বাস কৰা মানৰ প্ৰতিটো নিৰ্বাচনৰ পাছত তেওঁৰ সম্পত্তিৰ পৰিমান হ্ৰাস পোৱাৰ কথা ৰাইজৰ আগত প্ৰকাশ কৰি আহিছে ৷
৫) কৃষি আন্দোলন আৰু মালৱা
তিনিখন কৃষি আইন বাতিলৰ বাবে এবছৰতকৈও অধিক সময় ধৰি চলা কৃষক আন্দোলনেও পাঞ্জাৱৰ নির্বাচনত প্ৰভাৱ পেলাইছিল ৷ ৬৯ খন বিধানসভা আসন থকা মালৱা অঞ্চলত ব্যাপক প্ৰভাৱ থকা ৰাজ্যখনৰ সৰ্ববৃহৎ সংঘ বি কে ইউৰ সভাপতি যোগিন্দৰ সিং উগ্ৰহনে স্বাধীনতাৰ ৭০ বছৰ পিছতো কিয় ৰাজপথ আৰু নলা-নর্দমাৰ উন্নত নহ’ল বুলি নেতাসকল প্ৰশ্ন সুধিবলৈ আৰম্ভ কৰিছিল ৷ এইক্ষেত্ৰত আপে তেওঁক উত্তৰ প্ৰদান কৰিছিল ৷