আফগানিস্তানৰ শাসনৰ গাদী তালিবানে দাখিল কৰাৰ পাছতে মহিলাসকলৰ বিৰুদ্ধে বিভিন্ন নিষেধাজ্ঞা আৰোপ কৰি আহিছে ৷ স্কুলত শিক্ষা গ্ৰহনৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰাৰ পাছতে এইবাৰ আফগানিস্তানৰ মহিলাসকলে অকলশৰীয়াকৈ বিমানত উঠাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে ৷ এতিয়াৰে পৰা লগত যিকোনো পুৰুষ আত্মীয় থাকিলেহে বিমানেৰে যাত্ৰা কৰিব পাৰিব আফগানিস্তানৰ মহিলাসকলে ৷ তালিবানে আফগানিস্তানৰ এয়াৰলাইনছসমূহক পুৰুষ আত্মীয় লগত নাথাকিলে মহিলাসকলক বিমানত উঠিবলৈ বাধা বাধা প্ৰদান কৰিবলৈ নির্দেশ দিছে ৷
উল্লেখ্য যে যোৱা বুধবাৰে সকলো ছোৱালী মাধ্যমিক বিদ্যালয় বন্ধ কৰিবলৈ নির্দেশ দিয়াৰ পাছতে বিমানত উঠাৰ ক্ষেত্ৰত কঠোৰ নিষেধাজ্ঞা আৰোপ কৰিছে তালিবানে ৷ আফগানিস্তানৰ আৰিয়ানা আফগান এয়াৰলাইন আৰু কাম এয়াৰৰ দুজন বিষয়াই প্ৰকাশ কৰা অনুসৰি তালিবানে তেওঁলোকক মহিলাসকলক অকলে ভ্ৰমণ কৰিলে বৰ্ডিং বন্ধ কৰিবলৈ নিৰ্দেশ দিছে ৷বৃহস্পতিবাৰে তালিবান, দুয়োটা বিমান সেৱা আৰু বিমানবন্দৰৰ কৰ্তৃপক্ষৰ প্ৰতিনিধিসকলৰ মাজত হোৱা বৈঠকৰ পিছত এই সিদ্ধান্ত লোৱা হয় ৷ তালিবান ক্ষমতালৈ উভতি অহাৰ পিছৰে পৰা, মহিলাৰ স্বাধীনতাৰ ওপৰত কেইবাটাও নিষেধাজ্ঞা আৰোপ কৰা হৈছে ৷
এই নির্দেশনাৰ পাছতে ট্ৰেভেল এজেণ্টেও নিশ্চিত কৰিছিল যে তেওঁলোকে অকলশৰীয়া মহিলা ভ্ৰমণকাৰীসকলক টিকট দিয়া বন্ধ কৰিছে ৷আনহাতে এগৰাকী যাত্ৰীয়ে সংবাদমাধ্যমক জনোৱা মতে পুৰুষ আত্মীয় অবিহনে যাত্ৰা কৰা মহিলাসকলক শুকুৰবাৰে কাবুলৰ পৰা ইছলামাবাদলৈ কাম এয়াৰৰ বিমানত উঠিবলৈ অনুমতি দিয়া হোৱা নাছিল।আমেৰিকা যুক্তৰাষ্ট্ৰৰ পাছপোৰ্ট থকা এগৰাকী আফগান মহিলাকো শুকুৰবাৰে ডুবাইলৈ যোৱা বিমানত উঠিবলৈ অনুমতি দিয়া হোৱা নাছিল ৷ তালিবানে ইতিমধ্যে এখন চহৰৰ পৰা আন এখন চহৰলৈ অকলে ভ্ৰমণ কৰাত মহিলাসকলক নিষেধাজ্ঞা আৰোপ কৰা হৈছে ৷