চকলেট অবিহনে জীয়াই থকাটো কঠিন। চাগে বিশ্বত এনে এজন মানুহ নোলাব, যিয়ে চকলেট খাই এয়া পায় ৷ আমাৰ সকলোৰে জীৱনত এক গুৰুত্বপূৰ্ণ স্থান দখল কৰি আছে চকলেটে ৷ বহুতৰ আকৌ চকলেটৰ সৈতে আছে পাহৰিব নোৱাৰা মিঠা স্মৃতি । সকলোৰে প্ৰিয় হ’ব পৰা চকলেটৰ এই বৈশিষ্ট্যতা উদযাপনৰ বাবে ৭ জুলাইৰ দিনটো বিশ্ব চকলেট দিৱস হিচাপে পালন কৰা হয়।
চকলেটৰ ইতিহাস
চকলেটৰ উৎপত্তিৰ সঠিক তথ্য বিচাৰি উলিওৱাটো কঠিন যদিও গৱেষকসকলৰ মতে ইয়াৰ ইতিহাস প্ৰায় ২০০০ বছৰ বা তাতোকৈ অধিক পুৰণি । ‘চকলেট’ শব্দটোৰ উৎপত্তি হৈছে এজটেক শব্দ চকোটলৰ (xocoatl)ৰ পৰা ৷ ক’ক’ৰ পৰা প্ৰস্তুত কৰা তিতা পানীয়ক বুএজতেকত চকোটল বুলি কোৱা হয় ।প্ৰাচীন মেছ’আমেৰিকাত, যাক বৰ্তমান মেক্সিকো বুলি জনা যায় তাত মানুহে ক’ক’ বীনক “দেৱতাসকলৰ খাদ্য” হিচাপে গ্ৰহণ কৰিছিল ৷
চকলেটৰ উপকাৰিতাঃ
মানসিক চাপ কমায় চকলেটেঃ চকলেটে মানসিক চাপ কমোৱাত সহায় কৰে। ই শৰীৰত ষ্ট্ৰেছ হৰম’ন কৰ্টিছলৰ মাত্ৰা হ্ৰাস কৰাত সহায় কৰে। লগতে, চকলেটে শৰীৰত এণ্ড’ৰ্ফিন নিৰ্গত কৰি সুখী কৰাৰ ক্ষমতা আছে।
হৃদৰোগৰ সম্ভাৱনা কমায়ঃ ডাৰ্ক চকলেট সেৱন কৰিলে হৃদৰোগৰ সম্ভাৱনা কম হয় বুলি বিশ্বাস কৰা হয়। বেছিভাগ ডাৰ্ক চকলেটতে ফ্লেভন’ইড থাকে যিয়ে মানুহৰ হৃদযন্ত্ৰৰ স্বাস্থ্য ৰক্ষা কৰাত সহায় কৰে। প্ৰাপ্তবয়স্ক লোকৰ মাজত উচ্চ ৰক্তচাপো ৰোধ কৰে।
ওজন কমায়ঃ যদিও আমি অনুভৱ কৰোঁ যে চকলেট সেৱন কৰাৰ লগে লগে অধিক কেলৰি যোগ হৈ আমাৰ শৰীৰত ওজন বৃদ্ধি কৰে ৷ কিন্তু প্ৰকৃতার্থত ইয়াৰ বিপৰীতহে হোৱা দেখা যায় । ডাৰ্ক চকলেটে আপোনাৰ ভোক নিয়ন্ত্ৰণ কৰাৰ দৰে কেইবাটাও ব্যৱস্থাৰ জৰিয়তে ওজন কমোৱাত সহায় কৰিব পাৰে।
ছাল ভাল কৰেঃ বহুতে এই কথা নাজানিবও পাৰে যে ডাৰ্ক চকলেটে সীমিত পৰিমাণত সেৱন কৰিলে আপোনাৰ ছালখন সতেজ আৰু উজ্জবল হৈ পৰে ৷ চকলেটত অধিক পৰিমাণে এন্টিঅক্সিডেন্ট থাকে ৷ ডাৰ্ক চকলেটত এন্টিঅক্সিডেন্ট অধিক থাকে বুলি কোৱা হয় ৷ যিসমূহ শৰীৰৰ বাবে উপকাৰী।
চকলেট খোৱাতো শৰীৰৰ বাবে ভাল আৰু আপুনি স্বাস্থ্যৰ উপকাৰীতা লাভ কৰিব বুলি অত্যাধিক সেৱনে বিপৰীত ফলাফল প্ৰদর্শন কৰিব পাৰে ৷ সেয়েহে সংযমৰ নিয়ম মনত ৰাখিব। চকলেট অতিমাত্ৰা হাৰত কেতিয়াও নাখাব ৷