তৃতীয়বাৰৰ বাবে চীনৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈছে জি জিনপিং । চীনৰ শাসকীয় কমিউনিষ্ট পাৰ্টিয়ে শুকুৰবাৰে সংসদত অনুষ্ঠিত হোৱা নেশ্যনেল পিপলছ কংগ্ৰেছৰ বাৰ্ষিক অধিৱেশনত তেওঁক আগন্তুক পাঁচ বছৰৰ বাবে ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত কৰা বুলি প্ৰকাশ কৰে।
জি জিনপিঙে যোৱা অক্টোবৰ মাহত তৃতীয়বাৰৰ বাবে চীনৰ কমিউনিষ্ট পাৰ্টিৰ সাধাৰণ সম্পাদক হিচাপে নিজৰ স্থান নিশ্চিত কৰিছিল। তদুপৰি কমিউনিষ্ট পাৰ্টিৰ ২০ সংখ্যক ৰাষ্ট্ৰীয় কংগ্ৰেছত কমিউনিষ্ট পাৰ্টিৰ কেন্দ্ৰীয় সমিতিৰ গুৰুত্বপূৰ্ণ পদত নিজৰ ঘনিষ্ঠ নেতাক নিযুক্তি দিবলৈ সক্ষম হৈছিল। সেই সময়ত চীনৰ কমিউনিষ্ট পাৰ্টিৰ এক সূত্ৰই জনাইছিল যে নেতৃত্বৰ মাজত দীৰ্ঘদিন ধৰি ক্ষমতা বিভাজনৰ পিছত এজন ব্যক্তিৰ শাসনৰ ওপৰত গুৰুত্ব দিয়া হৈছিল।
জি জিনপিঙৰ ঘনিষ্ঠ অনুগামী লি কুৱাঙক নেশ্যনেল পিপলছ কংগ্ৰেছৰ বাৰ্ষিক অধিৱেশনত চীনৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে মনোনীত কৰা হ’ব পাৰে বুলি দেশখনৰ ৰাষ্ট্ৰ নিয়ন্ত্ৰিত সংবাদ মাধ্যমত প্ৰকাশিত এক প্ৰতিবেদনত প্ৰকাশ পাইছে। ২০১৩ চনৰ পৰাই সেই পদত আছে লি কিছিয়াং।
এই কেন্দ্ৰীভূত নিৰপেক্ষতাবাদী শক্তিয়ে আন্তঃৰাষ্ট্ৰীয় মঞ্চত জি জিনপিঙক আৰু অধিক অসাৱধান কৰি তুলিব বুলি আশংকা কৰিছে আমেৰিকাকে ধৰি পশ্চিমীয়া দেশসমূহে। ইয়াৰ ক্ষমতা যিমানেই একচেটিয়া হৈ পৰিব সিমানেই আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত চীনে ৰিস্ক লোৱাৰ সম্ভাৱনা বেছি হ’ব। ইউক্ৰেইন যুদ্ধ আৰু টাইৱান সংকটৰ পৰিপ্ৰেক্ষিতত চীনৰ দৰে শক্তিশালী দেশৰ সৰ্বোচ্চ নেতাই ইতিমধ্যে সংকেত দিছে যে তেওঁ দেশখনৰ কূটনীতি আৰু সামৰিক নীতিক অধিক আক্ৰমণাত্মক কৰি তুলিবলৈ বদ্ধপৰিকৰ। ফলত অনাগত দিনত চীন আৰু বিশ্বৰ বাকী দেশৰ মাজত সংঘাত নতুন স্তৰত উপনীত হ’ব পাৰে বুলি আশংকা কৰা হৈছে।