যোৱা সপ্তাহত যমুনা নদীৰ পানীয়ে লালকিল্লাৰ দেৱাল স্পৰ্শ কৰিছিল। সোমবাৰে যমুনাৰ পানীয়ে তাজমহলৰ দেৱাল স্পৰ্শ কৰে। যোৱা ৪৫ বছৰৰ ভিতৰত প্ৰথমবাৰৰ বাবে যমুনাৰ পানীয়ে তাজমহলৰ দেৱাল স্পৰ্শ কৰিছে। শেষবাৰৰ বাবে তাজমহলত নদীৰ পানী প্ৰৱেশ কৰিছিল ১৯৭৮ চনত। বিগত কিছুদিন ধৰি দিল্লীৰ বিভিন্ন প্ৰান্তত প্ৰবল বৰষুণ আৰু যমুনাৰ বানপানীয়ে প্লাৱিত কৰি আহিছে। লালকিল্লাৰ চৌপাশ যমুনাৰ পানীত ডুব গৈছিল। দিল্লীৰ সৰ্ববৃহৎ শ্মশান নিগমবোধ ঘাটতো পানীত বুৰ গৈছে। এইবাৰ যমুনাৰ পানী তাজমহল চৌহদত প্ৰৱেশ কৰিছে ৷
দছেৰা ঘাটৰ কাষৰীয়া অঞ্চলসমূহো পানীত বুৰ গৈছে। ইতিমাদ উদ দৌলাৰ সমাধিও জলমগ্ন হৈ পৰে। ৰাম বাগ, মেহতাব বাগ, জোহৰা বাগ, চীন কা ৰৌজা আদি কীৰ্তিচিহ্নসমূহো ডুব যোৱাৰ আশংকা কৰা হৈছে। ভাৰতীয় প্ৰত্নতাত্ত্বিক জৰীপ (ASI)ৰ তথ্য অনুসৰি এই পৰ্যন্ত কীৰ্তিচিহ্নসমূহৰ কোনো ক্ষতি হোৱা নাই। আনকি তাজমহলৰ বেছমেণ্টো এতিয়াও ডুব যোৱা নাই।
তাজমহলৰ এ এছ আইৰ সংৰক্ষণ সহায়ক প্ৰিন্স বাজপেয়ীয়ে কয় “ প্ৰবল বানপানীৰ সময়তো তাজমহলৰ মূল কীৰ্তিচিহ্নত পানী প্ৰৱেশ নকৰে। কাৰণ ইয়াক তেনেকৈয়ে তৈয়াৰ কৰা হৈছে। যমুনাৰ পানীয়ে শেষবাৰৰ বাবে তাজমহলৰ পিছফালৰ বেৰখন স্পৰ্শ কৰিছিল ১৯৭৮ চনত।” ১৯৭৮ চনৰ বাৰিষাৰ সময়ত দিল্লীৰ যমুনাৰ জলস্তৰ আছিল ২০৭.৪৯ মিটাৰ। যোৱা সপ্তাহত সেই নজিৰ ভংগ হৈছিল। যোৱা বৃহস্পতিবাৰে সন্ধিয়া ৭ বজাত যমুনাৰ জলপৃষ্ঠ ২০৮.৬৬ মিটাৰ অতিক্ৰম কৰে ৷