ভাৰতীয় ক্ৰিকেটাৰ যুৱৰাজ সিং পুনৰ খেলপথাৰলৈ উভতিব বুলি অলপতে ঘোষণা কৰে। ২০১৯ চনৰ ১০ জুনত ক্ৰিকেটাৰজনে সকলো ধৰণৰ ক্ৰিকেট খেলৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল। কিন্তু এই সিদ্ধান্ত সলনি কৰি পুনৰ খেল পথাৰলৈ ঘূৰি আহিবলৈ থিৰাং কৰিছে। যুৱৰাজ সিঙে এই কথা টুইটাৰ যোগে প্ৰকাশ কৰে।
ভাৰতৰ দক্ষ ক্ৰিকেটাৰ যুৱৰাজ সিঙে ভাৰতৰ ক্ৰিকেট দললৈ তেওঁৰ উৎকৃষ্ট বৰঙণি আগবঢ়াই গৈছে। টি২০ বিশ্বকাপত ইংলেণ্ডৰ বিৰুদ্ধে এটা অভাৰত ছটা বলত ছটা ছয় কোবাই অভিলেখ অৰ্জন কৰিছিল। ২০১১ চনত কেঞ্চাৰত আক্ৰান্ত যুৱৰাজ সিঙে ভাৰতীয় দলক টি২০ বিশ্বকাপৰ খিতাপ অৰ্জনত অৰিহণা যোগাইছিল। ক্ৰিকেটাৰজনে মেন অব দা ছিৰিজ সন্মান লাভ কৰিছিল।
৩৯ বছৰীয়া ক্ৰিকেটাৰজনক পুনৰ খেলপথাৰৰ দেখা পোৱাৰ আশাত অনুৰাগীসকল উৎফুল্লিত হৈ পৰিছে। পিছে কিছু সংখ্যক লোকে নিৰাশাজনক মন্তব্য আগবঢ়াইছে। অৱশ্যে যুৱৰাজ সিঙক পুনৰ ঘৰুৱা দলত দেখা পোৱা যাবনে নাই এই সন্দৰ্ভত নিশ্চয়তা নাই।
কিন্তু অহা বছৰৰ ফেব্ৰুৱাৰী মাহৰ পৰা তেখেতক পুনৰ খেল পথাৰত দেখা পোৱা যাব। কিং ১১ পঞ্জাৱৰ টি ২০ দলটোত দেখা পোৱাৰ সম্ভাৱনা অধিক।