ৰাছিয়াই আক্ৰমণ অধিক তীব্ৰতৰ কৰি তুলিলেও যুদ্ধবিধ্বস্ত দেশখন এৰি আঁতৰি যোৱা নাই ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলডাইমিৰ জেলেনেস্কিয়ে ৷ পলে পলে প্ৰাণৰ প্ৰতি ভাবুকি অহা সত্বেও দেশ এৰি যোৱা নাই জেলেনেস্কিয়ে ৷ ৰাছিয়াৰ সংবাদমাধ্যমে জেলেনেস্কিয়ে দেশ এৰি যোৱা বুলি কৰা প্ৰচাৰ অস্বীকাৰ কৰি জেলেনেস্কিয়ে নিজৰ কার্যালয়ৰ পৰা এক ভিডিঅ’ বার্তাৰ জৰিয়তে পুনৰ এবাৰ নিশ্চিত কৰিছে তেওঁ দেশ এৰি পলায়ন কৰা নাই ৷ নিজৰ ইনষ্টাগ্ৰামত জেলেনস্কিয়ে তেওঁৰ কিয়েভ কাৰ্যালয় আৰু এজন বিষয়া বহি থকা এটা ভিডিঅ’ পোষ্ট কৰিছিল। এই ভিডিঅ’টোত তেওঁ কয় -“মই কিয়েভত আছোঁ। মই ইয়াত কাম কৰি আছো। কোনো পলাই যোৱা নাই ৷ “ ৰাছিয়াৰ ৰাজনীতিবিদ বাচেস্লাভ ভল্ডিনে দাবী কৰিছিল যে জেলেনস্কি পোলেণ্ডলৈ পলাই গৈছে ৷ ইউক্ৰেইনৰ সংসদৰ সদস্যসকলে জেলেনেস্কিৰ সৈতে কথা বতৰা পাতিব পৰা নাই বুলিও ৰাছিয়াৰ সাংসদজনে দাবী কৰিছিল ৷ ৰাছিয়াৰ সৈন্যৰ বৰ্ধিত আক্ৰমণৰ মাজতে সংসদত গোপন বৈঠক অনুষ্ঠিত হোৱাৰ আগতে ২ মাৰ্চত জেলেনেস্কিয়ে ইউক্ৰেইন এৰিছিল বুলিও উৰাবাতৰি প্ৰচাৰ কৰা হৈছিল।
২৪ ফেব্ৰুৱাৰীত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ব্লাডিমিৰ পুটিনে ইউক্ৰেইনৰ ওপৰত এক বিশেষ সামৰিক অভিযানৰ বাবে নির্দেশ দিয়াৰ পিছতে জেলেনস্কি দেশৰ পৰা পলাই যোৱা বুলি খবৰ প্ৰকাশ পাইছিল ৷ ইউক্ৰেইনে গোপনীয়তাৰ খাতিৰত ৰাষ্ট্ৰপতিৰ সঠিক অৱস্থানৰ বিষয়ে গোপনীয়তা বর্তাই ৰাখিছে। প্ৰকাশিত তথ্য অনুসৰি জেলেনস্কিক যোৱা সপ্তাহত কমেও তিনিবাৰকৈ হত্যাৰ চেষ্টাৰ কৰা হৈছিল ৷