VOICE 24x7
Saturday, June 10, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

গ্ল’বেল ৱাৰ্মিং সন্দৰ্ভত ৰাষ্ট্ৰসংঘৰ মুৰব্বীৰ আতংকজনক সতৰ্কবাণী

দ্ৰুতগতিত বৃদ্ধি পোৱা হিমালয়ৰ উষ্ণতাই প্ৰভাৱ পেলাব নেকি ভাৰতত ?

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
March 25, 2023
in বতৰ
গ্ল’বেল ৱাৰ্মিং সন্দৰ্ভত ৰাষ্ট্ৰসংঘৰ মুৰব্বীৰ আতংকজনক সতৰ্কবাণী
0
SHARES
22
VIEWS
Share on FacebookShare on Twitter

ভাৰতত ধাৰাবাহিকভাৱে ঘটা জলবায়ু পৰিৱৰ্তনৰ বাবে  অতি দ্ৰুতগতিত গলিবলৈ ধৰিছে হিমালয় পৰ্বতমালা। ষ্টেট অৱ এনভাইৰ’মেণ্ট অৰ্থাৎ এচ.অ’.ইয়ে এক প্রতিবেদন প্রকাশ কৰি এই বিষয়ে সকীয়াই দিছে যে প্রতি বছৰে বৰষুণৰ পৰিমাণ কমি যোৱা আৰু পলমকৈ বৰফ পৰাৰ বাবে হিমালয়ত গোলকীয় উষ্ণতাতকৈও বহু বেছি দ্ৰুতগতিত উষ্ণতা বৃদ্ধি পাইছে৷

‘টি.ভি.এন ভাৰত’ৰ এক প্ৰতিবেদন অনুসৰি ভাৰতৰ বহু লোকৰ পানী যোগানৰ একমাত্ৰ উৎস হিমালয়  লগতে বহু লোক কৰ্মসংস্থাপনৰ বাবেও এই হিমালয়ৰ পৰা ওলোৱা নদীৰ ওপৰত নিৰ্ভৰশীল। তথ্য অনুযায়ী হিমালয়ৰ হিমবাহৰ গলনাংকৰ পৰা ওলোৱা নদীৰ দ্বাৰা ভাৰতৰ প্ৰায় ৪০% জনসংখ্যাক হিমালয়ে পানী যোগান ধৰে। য’ত সিন্ধু, গংগা আৰু ব্ৰহ্মপুত্ৰ নদী আৰু ইয়াৰ আন আন উপনৈসমূহো অন্তৰ্ভুক্ত। কেৱল এয়াই নহয়, এই নদীসমূহে ভাৰতৰ প্ৰায় ২১ কোটি জনসংখ্যাক কৰ্মসংস্থাপনৰ সুবিধা প্ৰদান কৰে।

কিন্তু ক্ৰমাৎ বৃদ্ধি পোৱা গোলকীয় উষ্ণতাৰ বাবে সমগ্ৰ বিশ্ববাসীৰ  জীৱনলৈ অহা বিপদৰ কথা আমি হয়তো ইতিমধ্যে অনুধাৱন কৰিব পাৰিছোঁ। বৃহস্পতিবাৰে প্ৰকাশ পোৱা এচ.অ’.ই. (SOE)ৰ প্ৰতিবেদন অনুসৰি হিমালয়ৰ অধ্যায়ৰ লেখক ৰাজু সাজৱান আৰু অক্ষিত সংগোমালাই কয় যে উষ্ণতা বৃদ্ধিৰ বাবে হিমবাহবোৰ দ্ৰুতগতিত গলিবলৈ ধৰিছে। যাৰ বাবে ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ জনসাধাৰণৰ পানীৰ উৎস আৰু কৰ্মসংস্থাপনত গভীৰ প্ৰভাৱ পৰিব বুলি শংকা কৰা হৈছে  ।

উল্লেখনীয় যে ভাৰতৰ বতৰ বিজ্ঞান বিভাগৰ প্ৰতিবেদন অনুসৰি ১ মাৰ্চৰ পৰা ২২ মাৰ্চৰ ভিতৰত জম্মু-কাশ্মীৰ আৰু লাডাখত গড় বৰষুণৰ পৰিমাণ ব্যাপকভাৱে হ্ৰাস পাইছে।

গ্ল’বেল ৱাৰ্মিং সন্দৰ্ভত ৰাষ্ট্ৰসংঘৰ মুৰব্বীৰ আতংকজনক সতৰ্কবাণীঃ গড় বৰষুণৰ তুলনাত কেৱল জম্মু-কাশ্মীৰ আৰু লাডাখত ৬৫ শতাংশ কম বৰষুণ হোৱাৰ বিপৰীতে লেহত গড় বৰষুণৰ ৯১ শতাংশতকৈও কম বৰষুণ হৈছে। বতৰ বিজ্ঞান বিভাগৰ মুৰব্বী ডাঃ সোণম লোটাছে ‘নিউজ-৯’ক জনোৱা মতে, আগৰ মাহবোৰতো গড় হিচাপত  বহু কম বৰষুণ হৈছিল,আনহাতে জানুৱাৰী মাহতো বৰষুণ হ্ৰাস পাইছিল।ইফালে  লেহ-লাডাখত ফেব্ৰুৱাৰী মাহত গড় হিচাপতকৈ কম বৰফ পৰিছে।

একে সময়তে মাৰ্চ মাহত বহু ঠাইত বৰফ পৰা দেখা গৈছিল যদিও সামগ্ৰিকভাৱে শীতকালত বৰষুণৰ পৰিমাণ গুৰুতৰভাৱে  হ্ৰাস পাইছিল। ডাঃ সোণমে কয় যে এই বছৰ কেৱল কাৰ্গিল আৰু জান্সকাৰ অঞ্চলতহে ভাল বৰফ পৰিল।

তেওঁ কয় যে,আগতে বহুত বৰফ পৰিছিল কিন্তু যোৱা কেইবছৰমানৰ পৰা বৰফৰ পৰিমাণ ক্ৰমাগতভাৱে হ্ৰাস পাইছে। এই বছৰ  জানুৱাৰী, ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহতো বৰফৰ পৰিমাণ অতি কম হোৱা দেখা পোৱা গৈছিল।

জম্মু-কাশ্মীৰ, লাডাখ, হিমাচল প্ৰদেশ, উত্তৰাখণ্ড, পশ্চিম বংগ, ছিকিম আৰু অৰুণাচল প্ৰদেশলৈকে প্ৰায় ২৫০০ কিলোমিটাৰ দৈৰ্ঘ্যত বিস্তৃত হিমালয়। পৃথিৱীৰ দুটা মেৰুৰ পিছতে হিমালয়ত বিশ্বৰ ভিতৰতে সৰ্বাধিক বৰফৰ ভাণ্ডাৰ আছে । ২০১৯ চনত ইণ্টাৰনেশ্যনেল চেণ্টাৰ ফৰ ইন্টিগ্ৰেটেড মাউণ্টেইন ডেভেলপমেণ্টে (ICIMOD) হিন্দুকুছ হিমালয়ৰ ওপৰত এক গুৰুত্বপূৰ্ণ প্ৰতিবেদন প্ৰকাশ কৰিছিল আৰু এই প্ৰতিবেদনত কোৱা হৈছিল যে বিশ্বৰ উষ্ণতা প্ৰাক-ঔদ্যোগিক যুগ (১৮৫০ৰ পৰা ১৯০০)তকৈ ১.৫ ডিগ্ৰী বেছিকৈ বৃদ্ধি পাইছে, যিটো হিমালয়ৰ বাবে অতি উষ্ণ বুলি প্ৰমাণিত হ’ব। প্ৰতিবেদনত কোৱা হৈছিল যে ইয়াত ২ ডিগ্ৰী পৰ্যন্ত উষ্ণতা বৃদ্ধি হোৱা দেখা যাব। যাৰ ফলত হিমবাহৰ লগতে ইয়াৰ পৰা ওলাই অহা নদী সমূহৰ দ্বাৰা জনসাধাৰণৰ জীৱনযাত্ৰা আৰু তেওঁলোকৰ  কৰ্মসংস্থাপনৰ ওপৰতো যথেষ্ট প্ৰভাৱ পৰিব।

 

Previous Post

সোঁ হাতৰ তলুৱাত ‘ M ‘ চিহ্ন আছে নেকি ? যদি আছে কি হয় জানেনে বাৰু ?

Next Post

অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত দুদিনীয়া “গজ উৎসৱ” উদ্বোধন কৰিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে

Related Posts

শীতকালত আমাৰ ছালখন প্ৰায়ে শুকান কিয় হয় জানেনে ? ছাল মসৃণ কৰাত সহায় কৰিব পৰা৫ টা টিপছ জানো আহক
অভিমত

শীতকালত আমাৰ ছালখন প্ৰায়ে শুকান কিয় হয় জানেনে ? ছাল মসৃণ কৰাত সহায় কৰিব পৰা৫ টা টিপছ জানো আহক

February 2, 2023
ধাৰাসাৰ বৰষুণ আৰু তুষাৰপাতৰ বাবে  বন্ধ হ’ল শ্ৰীনগৰ-লেহ ঘাইপথ
বতৰ

ধাৰাসাৰ বৰষুণ আৰু তুষাৰপাতৰ বাবে বন্ধ হ’ল শ্ৰীনগৰ-লেহ ঘাইপথ

November 7, 2022
ৰাজস্থানৰ বহুকেইখন জিলাৰ বাবে বতৰ বিজ্ঞান বিভাগৰ  সতৰ্কবাণী
বতৰ

ৰাজস্থানৰ বহুকেইখন জিলাৰ বাবে বতৰ বিজ্ঞান বিভাগৰ সতৰ্কবাণী

July 21, 2022
আজি পুৱা মিজোৰামত  ৪.৩ প্ৰাবল্যৰ ভূমিকম্প
বতৰ

আজি পুৱা মিজোৰামত ৪.৩ প্ৰাবল্যৰ ভূমিকম্প

July 20, 2022
তীব্ৰ গতিত বৃদ্ধি হৈছে গুৱাহাটী মহানগৰীৰ  তাপমাত্ৰা
বতৰ

তীব্ৰ গতিত বৃদ্ধি হৈছে গুৱাহাটী মহানগৰীৰ তাপমাত্ৰা

July 13, 2022
মৃদু ভূমিকম্পই জোকাৰি গ’ল অসমৰ দাতিকাষৰীয়া ৰাজ্যক
বতৰ

মৃদু ভূমিকম্পই জোকাৰি গ’ল অসমৰ দাতিকাষৰীয়া ৰাজ্যক

June 13, 2022
Next Post
অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত দুদিনীয়া “গজ উৎসৱ” উদ্বোধন কৰিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে

অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত দুদিনীয়া "গজ উৎসৱ" উদ্বোধন কৰিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

বহিঃৰাজ্যত কৰ্মসংস্থান বিচাৰি গৈ নগাঁৱৰ ধেমাজীৰ দুজন সন্ধানহীন

বহিঃৰাজ্যত কৰ্মসংস্থান বিচাৰি গৈ নগাঁৱৰ ধেমাজীৰ দুজন সন্ধানহীন

June 10, 2023
ফ্ৰেন্স অ’পেনৰ ফাইনেলত পুনৰ ৰুড, এইবাৰ  সন্মুখত জ’কভিচ

ফ্ৰেন্স অ’পেনৰ ফাইনেলত পুনৰ ৰুড, এইবাৰ সন্মুখত জ’কভিচ

June 10, 2023
ভিৰৰ মাজত অসংখ্যজনৰ মাজত এজন হিচাপে দিছিল প্ৰথম শ্বট, নাছিৰুদ্দিন শ্বাহে  প্ৰথম ছবিত কিমান পাৰিশ্ৰমিক লাভ কৰিছিল জানেনে ?

ভিৰৰ মাজত অসংখ্যজনৰ মাজত এজন হিচাপে দিছিল প্ৰথম শ্বট, নাছিৰুদ্দিন শ্বাহে প্ৰথম ছবিত কিমান পাৰিশ্ৰমিক লাভ কৰিছিল জানেনে ?

June 10, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7