ভাৰতত ধাৰাবাহিকভাৱে ঘটা জলবায়ু পৰিৱৰ্তনৰ বাবে অতি দ্ৰুতগতিত গলিবলৈ ধৰিছে হিমালয় পৰ্বতমালা। ষ্টেট অৱ এনভাইৰ’মেণ্ট অৰ্থাৎ এচ.অ’.ইয়ে এক প্রতিবেদন প্রকাশ কৰি এই বিষয়ে সকীয়াই দিছে যে প্রতি বছৰে বৰষুণৰ পৰিমাণ কমি যোৱা আৰু পলমকৈ বৰফ পৰাৰ বাবে হিমালয়ত গোলকীয় উষ্ণতাতকৈও বহু বেছি দ্ৰুতগতিত উষ্ণতা বৃদ্ধি পাইছে৷
‘টি.ভি.এন ভাৰত’ৰ এক প্ৰতিবেদন অনুসৰি ভাৰতৰ বহু লোকৰ পানী যোগানৰ একমাত্ৰ উৎস হিমালয় লগতে বহু লোক কৰ্মসংস্থাপনৰ বাবেও এই হিমালয়ৰ পৰা ওলোৱা নদীৰ ওপৰত নিৰ্ভৰশীল। তথ্য অনুযায়ী হিমালয়ৰ হিমবাহৰ গলনাংকৰ পৰা ওলোৱা নদীৰ দ্বাৰা ভাৰতৰ প্ৰায় ৪০% জনসংখ্যাক হিমালয়ে পানী যোগান ধৰে। য’ত সিন্ধু, গংগা আৰু ব্ৰহ্মপুত্ৰ নদী আৰু ইয়াৰ আন আন উপনৈসমূহো অন্তৰ্ভুক্ত। কেৱল এয়াই নহয়, এই নদীসমূহে ভাৰতৰ প্ৰায় ২১ কোটি জনসংখ্যাক কৰ্মসংস্থাপনৰ সুবিধা প্ৰদান কৰে।
কিন্তু ক্ৰমাৎ বৃদ্ধি পোৱা গোলকীয় উষ্ণতাৰ বাবে সমগ্ৰ বিশ্ববাসীৰ জীৱনলৈ অহা বিপদৰ কথা আমি হয়তো ইতিমধ্যে অনুধাৱন কৰিব পাৰিছোঁ। বৃহস্পতিবাৰে প্ৰকাশ পোৱা এচ.অ’.ই. (SOE)ৰ প্ৰতিবেদন অনুসৰি হিমালয়ৰ অধ্যায়ৰ লেখক ৰাজু সাজৱান আৰু অক্ষিত সংগোমালাই কয় যে উষ্ণতা বৃদ্ধিৰ বাবে হিমবাহবোৰ দ্ৰুতগতিত গলিবলৈ ধৰিছে। যাৰ বাবে ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ জনসাধাৰণৰ পানীৰ উৎস আৰু কৰ্মসংস্থাপনত গভীৰ প্ৰভাৱ পৰিব বুলি শংকা কৰা হৈছে ।
উল্লেখনীয় যে ভাৰতৰ বতৰ বিজ্ঞান বিভাগৰ প্ৰতিবেদন অনুসৰি ১ মাৰ্চৰ পৰা ২২ মাৰ্চৰ ভিতৰত জম্মু-কাশ্মীৰ আৰু লাডাখত গড় বৰষুণৰ পৰিমাণ ব্যাপকভাৱে হ্ৰাস পাইছে।
গ্ল’বেল ৱাৰ্মিং সন্দৰ্ভত ৰাষ্ট্ৰসংঘৰ মুৰব্বীৰ আতংকজনক সতৰ্কবাণীঃ গড় বৰষুণৰ তুলনাত কেৱল জম্মু-কাশ্মীৰ আৰু লাডাখত ৬৫ শতাংশ কম বৰষুণ হোৱাৰ বিপৰীতে লেহত গড় বৰষুণৰ ৯১ শতাংশতকৈও কম বৰষুণ হৈছে। বতৰ বিজ্ঞান বিভাগৰ মুৰব্বী ডাঃ সোণম লোটাছে ‘নিউজ-৯’ক জনোৱা মতে, আগৰ মাহবোৰতো গড় হিচাপত বহু কম বৰষুণ হৈছিল,আনহাতে জানুৱাৰী মাহতো বৰষুণ হ্ৰাস পাইছিল।ইফালে লেহ-লাডাখত ফেব্ৰুৱাৰী মাহত গড় হিচাপতকৈ কম বৰফ পৰিছে।
একে সময়তে মাৰ্চ মাহত বহু ঠাইত বৰফ পৰা দেখা গৈছিল যদিও সামগ্ৰিকভাৱে শীতকালত বৰষুণৰ পৰিমাণ গুৰুতৰভাৱে হ্ৰাস পাইছিল। ডাঃ সোণমে কয় যে এই বছৰ কেৱল কাৰ্গিল আৰু জান্সকাৰ অঞ্চলতহে ভাল বৰফ পৰিল।
তেওঁ কয় যে,আগতে বহুত বৰফ পৰিছিল কিন্তু যোৱা কেইবছৰমানৰ পৰা বৰফৰ পৰিমাণ ক্ৰমাগতভাৱে হ্ৰাস পাইছে। এই বছৰ জানুৱাৰী, ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহতো বৰফৰ পৰিমাণ অতি কম হোৱা দেখা পোৱা গৈছিল।
জম্মু-কাশ্মীৰ, লাডাখ, হিমাচল প্ৰদেশ, উত্তৰাখণ্ড, পশ্চিম বংগ, ছিকিম আৰু অৰুণাচল প্ৰদেশলৈকে প্ৰায় ২৫০০ কিলোমিটাৰ দৈৰ্ঘ্যত বিস্তৃত হিমালয়। পৃথিৱীৰ দুটা মেৰুৰ পিছতে হিমালয়ত বিশ্বৰ ভিতৰতে সৰ্বাধিক বৰফৰ ভাণ্ডাৰ আছে । ২০১৯ চনত ইণ্টাৰনেশ্যনেল চেণ্টাৰ ফৰ ইন্টিগ্ৰেটেড মাউণ্টেইন ডেভেলপমেণ্টে (ICIMOD) হিন্দুকুছ হিমালয়ৰ ওপৰত এক গুৰুত্বপূৰ্ণ প্ৰতিবেদন প্ৰকাশ কৰিছিল আৰু এই প্ৰতিবেদনত কোৱা হৈছিল যে বিশ্বৰ উষ্ণতা প্ৰাক-ঔদ্যোগিক যুগ (১৮৫০ৰ পৰা ১৯০০)তকৈ ১.৫ ডিগ্ৰী বেছিকৈ বৃদ্ধি পাইছে, যিটো হিমালয়ৰ বাবে অতি উষ্ণ বুলি প্ৰমাণিত হ’ব। প্ৰতিবেদনত কোৱা হৈছিল যে ইয়াত ২ ডিগ্ৰী পৰ্যন্ত উষ্ণতা বৃদ্ধি হোৱা দেখা যাব। যাৰ ফলত হিমবাহৰ লগতে ইয়াৰ পৰা ওলাই অহা নদী সমূহৰ দ্বাৰা জনসাধাৰণৰ জীৱনযাত্ৰা আৰু তেওঁলোকৰ কৰ্মসংস্থাপনৰ ওপৰতো যথেষ্ট প্ৰভাৱ পৰিব।