আগন্তুক ২৪ ঘণ্টাত অসমত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনাৰ আছে উলি জানিবলৈ দিছে বতৰ বিজ্ঞান কেন্দ্ৰই ৷ ২জুন আৰু ৪জুনত প্ৰবল বৃষ্টিপাতৰ আগজাননী দিছে বতৰ বিজ্ঞান কেন্দ্ৰই ৷ তেওঁলোকৰ তথ্য অনুসৰি জানিব পৰা গৈছে যে ৰাজ্যখনত এইকেইদিনত বতাহ ,প্ৰবল বৃষ্টিপাতৰ লগতে বজ্ৰপাত হোৱাৰ প্ৰচুৰ সম্ভাৱনা স্পষ্ট হৈ পৰিছে ৷
ৰাজ্যখনৰ বিভিন্ন জিলাত প্ৰবল বৃষ্টিপাত হোৱাৰ উপৰিও অসমৰ লগতে উত্তৰ-পূবৰ কেইবাখনো ৰাজ্যত হ’ব পাৰে প্ৰবল বৃষ্টিপাত৷ অসমৰ চুবুৰীয়া ৰাজ্য মেঘালয়,নাগালেণ্ড,আৰু মণিপুৰৰ বহু অংশতো বৃষ্টিপাত হোৱাৰ প্ৰচুৰ সম্ভাৱনা ৷ সেয়েহে বতৰ বিজ্ঞান কেন্দ্ৰই আগতিয়াকৈ এই সতৰ্কবাণী জাৰি কৰিছে ৷