চলিত বৰ্ষত ভাৰতবৰ্ষত চেনিৰ উৎপাদন ১৫শতাংশ বৃদ্ধি পাইছে ৷ ২০২১-২২ বিপণন বৰ্ষত চেনি উৎপাদনৰ অভিলেখ ৩৫.২৪নিযুত টন হৈছেগৈ ৷
ভাৰতবৰ্ষ হৈছে বিশ্বৰ ভিতৰতে চেনিৰ সৰ্বৃহৎ উৎপাদনকাৰী আৰু দ্বিতীয় বৃহৎ চেনি ৰপ্তানিকাৰী দেশ ৷ চেনি উদ্যোগৰ সমবায় সংস্থা এন এফ চি এছ এফ এলে জানিবলৈ দিয়া মতে ভাৰতৰ মহাৰাষ্ট্ৰ আৰু কৰ্ণাটক দুই ৰাজ্যত চলিত বৰ্ষত চেনিৰ উৎপাদন বৃদ্ধি পোৱাৰ ফলতেই ২০২১-২২ বিপণন বৰ্ষত যোৱা ৩০ মে’ পৰ্যন্ত চেনিৰ উৎপাদন অভিলেখ ৩৫.২৪টনলৈ বৃদ্ধি পাইছে ৷আনহাতে বিগত বৰ্ষত ভাৰতত চেনিৰ উৎপাদনৰ পৰিমাণ আছিল ৩০.৩৬নিযুত টন ৷