অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক মূল পৰীক্ষা অনুষ্ঠিত কৰাক লৈ সৃষ্টি হোৱা অনিশ্চয়তা অৱশেষত আঁতৰ হ’ল ৷ ভাষাৰ প্ৰশ্নকাকত অবিহনে এইবাৰ মূল পৰীক্ষা অনুষ্ঠিত কৰিবলৈ অনুমতি প্ৰদান কৰিছে উচ্চ ন্যায়ালয়ে ৷ এই সন্দর্ভত ৰুজু হোৱা কেইবাটাও গোচৰৰ শুনানি গ্ৰহণ কৰি উচ্চ ন্যায়ালয়ে এই নির্দেশ প্ৰদান কৰিছে ৷ অৱশ্যে চুড়ান্ত ফলাফল লেখ আবেদনসমুহৰ ৰায়ৰ ওপৰত নির্ভৰ কৰিব বুলিও উল্লেখ কৰে উচ্চ ন্যায়ালয়ে ৷ লক্ষণীয় যে বঙাইগাৱঁত অনুষ্ঠিত কেবিনেট বৈঠকত অসম লোকসেৱা আয়োগৰ পৰীক্ষাত ভাষাৰ প্ৰশ্নকাকত প্ৰত্যাহাৰ কৰিবলৈ ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছিল ৷ যাক লৈ সমগ্ৰ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ৷ আনহাতে, বৰাক উপত্য়কা আৰু পাহাৰীয়া তিনি জিলাক ভাষাৰ বাধ্যতামূলক প্ৰশ্নকাকতত অৱতীর্ন হোৱাৰ পৰা ৰেহাই দি ৰাজ্য চৰকাৰে জাননী জাৰি কৰে ৷ যাক লৈ একাংশ ক্ষোভিত প্ৰার্থী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয় ৷ যাৰ বাবে এইবাৰ অনুষ্ঠিত হ’বলগীয়া মূল পৰীক্ষা আইনী মেৰপেচত সোমাই পৰিছিল ৷