“অশ্বস্থামা হত ইতি গজ” বোলা কথাষাৰৰ অন্ত: কাহিনী নতুনকৈ বুজাই কোৱাৰ কাৰণ নাই নিশ্চয়। ক’বলৈ বিচৰা হৈছে বক্তা গৰাকীয়ে কথা কওঁতে ব্যৱহাৰ কৰাৰ দৰে কিছুমান কথা কোৱাৰ কৌশলৰ কথাহে।
সকলো মানুহৰে কথা কোৱাৰ নিজস্ব কৌশল থাকে। ষ্টাইল নহয়, বৰঞ্চ ক’ত কেতিয়া কেনেকৈ কথা ক’লে কাম সমাধা হ’ব ঠিক তাৰ সঠিক মাপ -কাঠি ৰ জ্ঞান থাকে সেইসকল লোকৰ। ইয়াক কথা কোৱাৰ কলা বা আৰ্ট বুলিবও পাৰি।
চিচেৰ’য়ে কৈছিল ‘Silence is the great art of communication”. কিন্তু পৰিস্থিতি সাপেক্ষে কথাবোৰ অলপ পৃথক। সেই মহাভাৰতৰ যুগৰে পৰা আজিলৈকে দেখোন কৌশলেৰে কথা ক’বলৈ জনা মানুহৰে জয় জয় ময় ময় অৱস্থা। কথাৰ ফুলজাৰি বা কৌশলপূৰ্ণ কথা কৈ কৈয়ে কোনোবা ৰজা হৈছে আৰু কোনোবা মহাৰজা। চিচেৰ’য়ে কোৱাৰ দৰে মৌনতা অৱলম্বন কৰি থাকিলে আজিৰ পৃথিৱীত কোনে কাক উজুটিয়াই থৈ যাব তাৰ ভৰষা নাই।
আমাৰ প্ৰধানমন্ত্ৰী জনা কৌশলপূৰ্ণ কথা কোৱা বা বাক্ পটুটাৰ বাবেই বিখ্যাত। কিন্তু সিদিনাৰ টেলিপ্ৰম্পটাৰ বিকল হোৱাৰ পৰৱৰ্তী দৃশ্যই তেওঁৰ অনুৰাগী সকলক যেন হতাশ কৰি পেলালে।
যিকি নহওক কৌশলী কথা কব পৰা লোকৰ সহজেই স্বাৰ্থ সিদ্ধি হয়। স্থান কাল পাত্ৰ চাই মিহি মিহিকৈ কেৱল নিজৰ উদ্দেশ্য পূৰণৰ লক্ষ্যৰে কথা পতাটোকেই কৌশলপূৰ্ণ কথাশৈলী বুলিব পাৰি। অৱশ্যে বহু লোক আছে যি সজাই পৰাই থাওকতে বৰ ধুনীয়াকৈ কথা ক’ব পাৰে। কোনো স্বাৰ্থ বা উদ্দেশ্য নোহোৱাকৈ। তেওঁলোকক কৌশলী বক্তা কোৱাৰ পৰিৱৰ্তে একোজন ভদ্ৰলোক বুলিব পাৰি।
এই লেখাৰ মূল উদ্দেশ্যটো হ’ল যে কৌশলী কথা বতৰা আৰু যুক্তিপূৰ্ণ কথাৰ মাজত পাৰ্থক্য আছেনে ! নিশ্চয় আছে। সকলো কৌশলী বাৰ্তালাপ গহণযোগ্য নহবও পাৰে যদিহে তাত যুক্তি নাথাকে। কিন্তু সকলোবোৰ যুক্তিপূৰ্ণ কথা বাৰ্তাই গ্ৰহণীয়। কৌশলী কথা বাৰ্তাই ব্যক্তিগত স্বাৰ্থ সিদ্ধিতহে সহায়ক হয়। আনহাতে যুক্তিপূৰ্ণ কথাবাৰ্তা বৃহত্তৰ স্বাৰ্থৰ বাবে প্ৰয়োজন। এতিয়া যুক্তিপূৰ্ণ কথাবাৰ্তানো কি? ই আচলতে বাস্তৱসন্মত আৰু সত্য কথা বতৰা। গতিকে সত্য যুগতো যেতিয়া মহাভাৰতৰ যুদ্ধত শ্ৰী কৃষ্ণই “অশ্বস্থামা হত ইতিগজ” বুলিছিল ই এক কৌশলী বাৰ্তাহে আছিল। পৰিস্থিতি সাপেক্ষে গুৰু দ্ৰোণাচাৰ্যক কোৱা হৈছিল যদিও, ই প্ৰকৃততে ভুল আছিল। ই অসত্য আছিল বাবে অযুক্তিকৰো। কিন্তু যি কৌশলেৰে কথাষাৰ কোৱা হৈছিল সেইয়া বক্তাজনৰ চতুৰতাক প্ৰমাণিত কৰাৰ বাহিৰে আন একো নাছিল।
যদি আমি নিজক প্ৰশ্ন কৰোঁ, কোনবিধ কথা কোৱাৰ ধৰণ আয়ত্ব কৰিবলৈ আমি ইচ্ছুক ! সকলোৰে উত্তৰ বেলেগ হ’ব। উত্তৰ যিয়ে নহওক আজিৰ পৃথিৱীত যুক্তিৰ মূল্য হেৰাই গৈছে। চলে বলে কৌশলে জীৱন কটোৱাটোৱে আমাৰ উদ্দেশ্য। তথাপি যুক্তি আৰু সত্যৰ ওচৰত হাৰি যাব উদ্দেশ্য প্ৰণোদিত কৌশলী কথা বতৰাবোৰ। মানুহে ভালপোৱা হ’ব স্বাভাৱিক, নিকা, স্বচ্ছ কথা বতৰা। কেচাঁ আম সদায়ে কেনেকৈ বিক্ৰী কৰিব!