“Because paper has more patience than people”- এন্ ফ্ৰাংকে এনেদৰে কৈ গৈছে তেওঁ কিয় ডায়ৰী লিখিছিল।
দ্বিতীয় বিশ্ব যুদ্ধৰ সময়ত জাৰ্মান সকলৰ পৰা পলাই এটা ঘৰত আবদ্ধ হৈ থাকোতে এগৰাকী ১৩ বছৰীয়া ছোৱালীয়ে দুটা বছৰৰ সমগ্ৰ অভিজ্ঞতা ডায়েৰীত লিখি গৈছিল। তেওঁ লিখিছিল যে মানুহে মানুহৰ মুখ বন্ধ কৰিব পাৰে কিন্তু মানুহৰ চিন্তা শক্তিক কেনেকৈ বাধা দিব! সেই কনমানি জনীয়ে কৈ গৈছে এযোৰ সুন্দৰ কাপোৰতকৈ স্মৃতি তেওঁৰ বাবে বেছি মূল্যবান। “এন ফ্ৰাংকৰ ডায়েৰী” ৰ জৰিয়তে সমসাময়িক প্ৰেক্ষাপটক উপলব্ধি কৰাৰ লগতে ১৩ বছৰীয়া এনৰ দু:সাহসিকতাক আজিও সকলোৱে শ্ৰদ্ধাৰে সোৱঁৰে।
প্ৰতি পষেকত প্ৰান্তিক খন হাতত পৰাৰ লগে লগে শেষ পৃষ্ঠা মেলি লওঁ। ভবেন্দ্ৰ নাথ শইকীয়া ছাৰৰ ডায়েৰীৰ পৃষ্ঠাবোৰ পঢ়ি যাওঁতে এনে লাগে যেন তেওঁ জীয়াই আছে। কিমান জীৱন্ত তেওঁৰ ডায়েৰী লিপি । কিমান যে কাম কৰিছিল তেওঁ দিনটোত। নাটকৰ পৰা চিনেমালৈ। ঘৰৰ বজাৰৰ পৰা কলাক্ষেত্ৰলৈ । মোৰ আটাইতকৈ ভাললগা তেখেতৰ দৈনন্দিন কামটো হৈছে জীয়েকলৈ মেইল লিখি পঠিওৱা।
মোৰ হোষ্টেলীয়া বান্ধবী সকলৰ বেছি সংখ্যকেই ডায়েৰী লিখিছিল। বৰ সযতনে ৰাখিছিল নিজৰ ডায়েৰী খন। ডায়ৰীৰ কথা ওলালে সকলোৱে লাজুকী হাঁহিৰে আঁতৰি গৈছিল। আমিও তেওঁলোকৰ অনুভূতিক সন্মান জনাই কোনোদিন চেষ্টা কৰা নাছিলো কিনো তাত লিখা আছে জানিবলৈ । মোৰ এগৰাকী সম্পৰ্কীয়ই অতি চিৰিয়াচ্লী বৰ ধুনীয়া ডায়েৰী এখনত দিনটোত ক’ত কিমান খৰচ হয় লিখি থৈছিল।
উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ ৰঞ্জন গগৈদেৱে তেখেতৰ ” জাষ্টিচ ফৰ দা জাজ্” নামৰ কিতাপখনত বহু উল্লেখনীয় মূহুৰ্ত লিখিছে। সম্ভৱত তেওঁ ও ব্যস্তভৰা জীৱনত ডায়েৰী লিখিছিল।
হিউৱেন চাং ৰ পৰা আদি কৰি অসমৰ লগতে পৃথিৱীৰ সকলো শিলালিপি, তাম্ৰলিপি, সাঁচিপাত আদি সমূহে একো একোটা মূল্যবান সময়ৰ ইতিহাস বহন কৰে।
আমিও ডায়েৰী লিখা অভ্যাসেৰে পৰিয়ালৰ বাবে, সমাজৰ বাবে, ইতিহাসৰ বাবে অথবা নিজৰ বাবে হলেও কিছুমান মূল্যবান সময় আৰু স্মৃতিক আমি সযতনে ধৰি ৰাখিব পাঁৰো। ডায়েৰীয়ে কেৱল শব্দ নহয়, বৰঞ্চ একোটা সময়ক জীৱন্ত ৰূপত কঢ়িয়াই লৈ ফুৰে ভৱিষ্যতৰ বাবে।