গছৰ তলৰ বিহু বা চোতালৰ বিহুক কাষৰীয়া কৰি ব’হাগ বিহুৱে মঞ্চত স্থান লোৱা কেইবা দশকেই হ’ল।
নামঘৰ সমিতি, মৌ-মেল, যুৱ সংঘ আদিয়ে এটা সময়ত গাৱঁতে অনুষ্ঠুপীয়াকৈ বিহুমেলা পাতিছিল। কণী যুঁজ প্ৰতিযোগিতাৰ পৰা ঢোল বাদন, পেঁপা বাদন, মৌ কুৱঁৰী, বিহু কুৱঁৰী, বিহুৱতী, হুচঁৰি আদি প্ৰতিযোগিতা পাতি মানপত্ৰ, শৰাই, ট্ৰফী আৰু কেতিয়াবা নগদ ধন পুৰস্কাৰ হিচাপে আগবঢ়াইছিল। গাৱঁৰে বা সেই অঞ্চলৰ সমাজসেৱী আৰু অৰ্থবান কেইজনমান লোক মিলি পুৰস্কাৰ সমূহৰ দায়িত্ব লয়। প্ৰতিযোগী সকলৰ নামভৰ্তি মাচুল হিচাপে ১০/২০ টকা লোৱা যায়। প্ৰতিযোগী সকলক জা-জলপান খুওৱাৰ ব্যৱস্থাও কৰা হৈছিল কোনো কোনো ঠাইত। গাৱঁৰে মহিলা সকলে এই দায়িত্ব লৈছিল।
কথাবোৰ খুব সৰল আছিল। যিকোনো প্ৰতিযোগীয়ে পোনছাতেই গৈ অংশগ্ৰহণ কৰাৰ সাহস আৰু সুবিধা দুয়োটাই পাইছিল। আয়োজক সমিতি ও দৰ্শকৰ আগ্ৰহৰ বিষয় আছিল কিমান বেছি প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছে সেইয়াহে।
আছুকে ধৰি আন আন দল সংগঠনে বিহু পতাৰ দায়িত্ব বৰ নিষ্ঠাৰে পালন কৰে। যদিওবা তেওঁলোকৰ বেছিসংখ্যকেই কঁকালত টঙালি বান্ধি বিহু মাৰিব নাজানে, কিন্তু বৰ বৰ পেণ্ডেল আঁৰি বিহুমেলা সুন্দৰকৈ উদযাপন কৰে। দূৰদূৰণিৰ পৰা গাড়ী ভাৰা কৰি প্ৰতিযোগিতালৈ দলে দলে প্ৰতিযোগী আহে। সকলো নাচনী ঢুলীয়া সম্পূৰ্ণ প্ৰশিক্ষণপ্ৰাপ্ত। সকলোৰে সাজ পোছাকৰ সম্পূৰ্ণ মিল থকা, কপালৰ ফোটলৈকে দৈৰ্ঘ প্ৰস্থ মিলাই বৰ ধুনীয়া ধুনীয়া দেখিবলৈ প্ৰায় একেধৰণৰ নাচনী ঢুলীয়াই ভৰি পৰে বিহুমেলাবোৰ। সাধাৰণতে প্ৰাইজমণিৰ ব্যৱস্থা থকা এই অনুষ্ঠানবোৰ বৰ ইলাহী ধৰণেৰে পাতে। তাকে দেখি নাচিবলৈ মন গলেও কিছুমান সাধাৰণ ঘৰৰ ল’ৰা-ছোৱালীয়ে লাজতে হওক বা অন্য কাৰণতে হওক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ পৰা বিৰত থাকে। অতি নিয়াৰিকৈ নিয়ম নীতিৰ মাজেৰে গাঁৱত ঘৰে ঘৰে হুঁচৰি গাই ফুৰা দলবোৰেও ইচ্ছা থাকিলেও কিছুমান হীনমান্যতাৰ বাবে প্ৰতিযোগিতালৈ যাবলৈ অসুবিধা পায়।
বিহু যদিও আমাৰ লোকসংস্কৃতি, সময়ৰ লগে লগে নিশ্চয় পৰিৱৰ্তন আহিবই। ই অতি স্বাভাৱিক। আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত নিজকে চিনাকি দিবলৈ প্ৰশিক্ষণৰ দৰে ব্যৱস্থাবোৰ নুই কৰিব নোৱাৰি। কিন্তু মৌলিকতাবোৰ যে হেৰাই গৈছে সেয়া কাৰো চকুত নপৰাকৈ থকা নাই। কেৱল প্ৰতিযোগিতাৰ বাবে নিজকে প্ৰস্তুত কৰা অসমীয়াই বিহুক কেনেকৈ ধৰি ৰাখিব! হুঁচৰিৰ দলবিলাকে আজিকালি একোখন চিঠি পঠায় গৃহস্থলৈ। এটা নিৰ্দিষ্ট পৰিমাণৰ ধন খোজে শৰাইত দিয়াৰ বাবে। কাৰণ সুধিলে কয় টেইনিং লওঁতে বহুত খৰছ আজিকালি! বৰ লাজ লগা কথা নহয়নে এইবোৰ। বছৰটোলৈ আৰ্শীবাদ বিচাৰি হুচঁৰিৰ আগত পান তামোল আৰু বস্ত্ৰ -অৰিহণা দি সেৱা জনায় গৃহস্থই। পদূলিৰ পৰা আগবঢ়ায় আনে সভক্তিৰে। কিন্তু পইচাৰ(মাননি) পৰিমাণ সহিতে চিঠি পঠাই হুচঁৰি গাবলৈ যোৱা দলটোলৈ কি বুলি সেৱা জনাব গৃহস্থই!!
এতিয়া বিহু মানেই গ্লেমাৰ। বিহু এতিয়া সাধাৰণ অসমীয়াৰ হাতত নাই। দুখীয়া প্ৰতিভাৱান ডেকা জীয়ৰীক কোনোবাই স্পনচৰ নকৰিলে এতিয়া কোনেও বিহু মাৰিব নোৱাৰে। মাটিৰ গোন্ধ আজিৰ বিহুত নাই।
কোনে আনিলে এনে পৰিৱেশ ! ঢোলৰ মাত শুনিও যদি কোনোবা অসমীয়াই প্ৰাণভৰি এপাক নাচিব নোৱাৰে, সেই বিহু কাৰবাবে?
লোকসংস্কৃতিৰ ব্যাকাৰণ থাকে জানো? বোঁৱতী নদীৰ দৰে বিহুৱেও কঢ়িয়াব লাগে মাথো সময়ৰ আৰু পৰিৱৰ্তনৰ উপাদান। বৰ বৰ অংকৰ মাননিৰ চান্দা তুলি পতা অনুষ্ঠানৰ কি প্ৰয়োজন য’ত বিহুৰ মৌলিকত্বই নাথাকে। এই অপসংস্কৃতিক অসমীয়া সাহিত্যই বা ইতিহাসে সামৰি নলয়।যি জাতিৰ সংস্কৃতিক সাহিত্য আৰু ইতিহাসে গ্ৰহণ নকৰে তেনে সংস্কৃতিৰ অপমৃত্যু অনিবাৰ্য।