পশ্চিমীয়া সংস্কৃতিৰ মাজেৰে ডাঙৰ –দীঘল হোৱা সত্বেও সম্পূর্ণ ভাৰতীয় পৰম্পাৰে বিবাহত বহিবলৈ সাজু হৈছে বিশ্বৰ শীর্ষ এগৰাকী ক্ৰিকেট তাৰকা ৷ অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰ গ্লেন মেক্সৱেল অহা ২৭ ফেব্ৰুৱাৰীত তামিল পৰম্পৰাগত নীতি-নিয়ম অনুসৰি দীর্ঘদিনৰ ভাৰতীয় মূলৰ প্ৰেয়সীৰ সৈতে বিবাহত বহিব ৷ আনকি তেওঁলোকে তামিল ভাষাতে ছপা কৰিছে বিয়াৰ নিমন্ত্ৰণী পত্ৰও ৷ ইতিমধ্যে ইন্টাৰনেটত ভাইৰেল হৈ পৰিছে তেওঁলোকৰ বিবাহৰ এই নিমন্ত্ৰণী পত্ৰখন ৷
প্ৰেয়সী বিনি ৰমনৰ সৈতে হ’বলগীয়া ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰৰ বেটছমেনজনৰ বিবাহ অনুষ্ঠান এসপ্তাহজোৰা হ’ব বুলি জানিব পৰা গৈছে ৷ আনহাতে তেওঁলোকৰ বিবাহৰ নিমন্ত্ৰণী পত্ৰ ভাইৰেল হৈ পৰাৰ পাছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মেক্সৱেলে কয় যে বিবাহৰ তাৰিখ ৰজহুৱা হৈ পৰাৰ বাবে বিবাহ অনুষ্ঠানত বৃদ্ধি কৰিব লাগিব সুৰক্ষা ৷ তেওঁলোকৰ বিবাহৰ তাৰিখ সম্পূর্ণ গোপনে ৰখা হৈছিল ৷ কিন্তু বিনিৰ একাংশ আত্মীয়ই নিমন্ত্ৰণী পত্ৰ লাভ কৰাৰ পাছতে আনন্দত উত্ৰাৱল হৈ ছছিয়েল মিডিয়াত আপলোড কৰি দিয়ে ৷ যাৰ ফলত বিয়াৰ তাৰিখ আৰু স্থান ৰাজহুৱা হৈ পৰে ৷ তেওঁৰ নিকটতম বন্ধু আৰু পৰিয়ালৰ সদস্যসহ মাত্ৰ ৩৫০ জন ব্যক্তিক এই বিবাহ অনুষ্ঠানলৈ নিমন্ত্ৰণ জনোৱা হৈছে ৷