ব্যক্তিগত খণ্ডত স্থানীয় লোকসকলৰ বাবে ৭৫ শতাংশ চাকৰি সংৰক্ষণৰ বাবে হাৰিয়ানা চৰকাৰে লোৱা সিদ্ধান্ত কার্যকৰী কৰাৰ পথ প্ৰশস্ত হ’ল ৷ চৰকাৰৰ নির্দেশত পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ে প্ৰদান কৰা স্থগিতাদেশ খাৰিজ কৰিছে উচ্চতম ন্যায়ালয়ে ৷ অৱশ্যে বর্তমান সময়ত ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানসমূহে বিতৰ্কিত নতুন আইন অনুসৰণ নকৰিলেও তেওঁলোকৰ বিৰুদ্ধে বলপূৰ্বক পদক্ষেপ লোৱাৰ পৰা বিৰত থাকিবলৈ হাৰিয়ানা চৰকাৰক নির্দেশ দিছে উচ্চতম ন্যায়ালয় ৷
হাৰিয়ানাত ৰাজ্যিক স্থানীয় প্ৰাৰ্থী নিযুক্তি আইন, ২০২০ যোৱা নৱেম্বৰত গৃহীত কৰা হৈছিল। যোৱা ১৫ জানুৱাৰীৰ পৰা এই আইন বলবৎ কৰা হৈছিল। এই আইনৰ অধীনত কর্মচাৰীসকলক মাহিলী দৰমহা ৩০,০০০ টকা নূন্যতম নির্ধাৰণ কৰা হৈছে ৷ যোৱা বছৰৰ মাৰ্চত হাৰিয়ানাৰ ৰাজ্যপাল বান্দাৰু দত্তাত্ৰেয়ই বিধেয়কখনত স্বাক্ষৰ কৰিছিল। আইনখন বলবৎ হোৱাৰ পিছত উপ মুখ্যমন্ত্ৰী দুষ্মন্ত চৌতালাই প্ৰকাশ কৰিছিল যে ইয়াৰ জৰিয়তে হাজাৰ হাজাৰ যুৱক-যুৱতীৰ বাবে নিযুক্তিৰ নতুন পথ মুকলি হ’ব ৷ হাৰিয়ানাৰ এই নতুন আইনক লৈ যথেষ্ট বিতর্কৰো সৃষ্টি হৈছিল ৷ পৰৱর্তী সময়ত পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ে আিনখন বলবতকৰণত সাময়িক ভাৱে স্থগিতাদেশ প্ৰদান কৰিছিল ৷
ইয়াৰ পাছতে হাৰিয়ানাৰ মুখ্যমন্ত্ৰী এম এল খট্টৰ চৰকাৰে উচ্চ ন্যায়ালয়ৰ স্থগিতাদেশৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন কৰিছিল ৷ উচ্চ ন্যায়ালয়ে চৰকাৰৰ সিদ্ধান্ত বহনক্ষম নহয় আৰু স্বাভিৱিক ন্যায়ৰ পৰিপন্থী বুলি অভিহিত কৰিছিল। অৱশ্যে উচ্চ ন্যায়ালয়ক গোচৰটোৰ পুনৰ শুনানি গ্ৰহণ কৰি চাৰি সপ্তাহৰ ভিতৰতে নিষ্পত্তি কৰিবলৈ নির্দেশ দিছে ৷