বন্ধু শব্দটো ইমান সহজ শব্দ নহয় যে আমি বন্ধু বুলি ক’লেই কোনোবা বন্ধু হৈ পৰিব। আজিকালি বন্ধুৰ বিষয়ে বহুতো সংজ্ঞা পঢ়িবলৈ পোৱা যায়। বন্ধুত্ব মানে কি ? সঁচা বন্ধু হ’লে কি কৰিব লাগে ইত্যাদি। বিভিন্ন সাহিত্যিক ভাষাৰে বন্ধুত্বৰ বিষয়ে ধুনীয়া ধুনীয়া উদ্ধৃতি দি টোকা লিখে বা সু প্ৰভাত দিয়া দেখা যায়। আচলতে বন্ধুৰ সংজ্ঞা আছে জানো। প্ৰেমৰ ক্ষেত্ৰত যেনেকৈ বিভিন্ন জনে বিভিন্ন সংজ্ঞা আগবঢ়ালেও প্ৰেম সম্পৰ্কে কোনো নিৰ্দিষ্ট সংজ্ঞা নাই , প্ৰেম এক মানসিক অনুভৱ ঠিক তেনেকৈ বন্ধুৰ ক্ষেত্ৰতো কোনো সূত্ৰ লিখিব পৰা নাযায়। নিঃস্বাৰ্থ ভাৱে এজনে আনজনক মানসিক ভাৱে গ্ৰহণ কৰিব পাৰিলেহে বন্ধুত্ব জীয়াই থাকে।
সুখ-দুখত বন্ধুক সহায় কৰিবলৈ নোৱাৰিলেও যেতিয়া কোনো বন্ধুৱে বিপথে যায় তেতিয়া সঠিক ৰাষ্টা দেখুৱাই দিয়াটো বা বন্ধুৰ ভুলটো আঙুলিয়াই দিব পৰাটোহে সঁচা বন্ধুত্ব। বন্ধুক যদি আমি ব্যৱহাৰ কৰোঁ , আমাৰ কাষত থাকিবলৈ বাধ্য কৰাও , নিসঙ্গতাৰ সাৰথি হিচাপে সঙ্গ বিচাৰো তেন্তে সেয়া সঁচা বন্ধুত্ব হ’ব নোৱাৰে। আমাৰ গাত যদি বন্ধুত্বৰ গুণ থাকে তেতিয়াহ’লে আমি কেতিয়াও বন্ধু বিচাৰি যাব নালাগে।এজন ৭০বছৰীয়া বৃদ্ধও ৩০ বছৰীয়া যুবক জনৰ বন্ধু হ’ব পাৰে । সৰু কালৰ লগৰীয়াৰ উপৰিও নিজৰ ককায়েক জন বা স্বামী বা পত্নীও অতি মৰমৰ বন্ধু হ’ব পাৰে মাত্ৰ থাকিব লাগে এটা ভাল লগা মন যাতে বন্ধুৰ স্বাধীনতাত হস্তক্ষেপ নহয়। যদি কোনো স্বাৰ্থ লৈ আমি বন্ধুত্ব স্থাপন কৰো তেতিয়া সেয়া বন্ধুৰ নামত কলংক। আমি যদি মহাভাৰতলৈ চাওঁ কৰ্ণ , দুৰ্যোধনৰ মিত্ৰ আছিল।বন্ধুত্বৰ খাতিৰত দুৰ্যোধনৰ অন্যায়ৰ লগত কৰ্ণই সহযোগ কৰিলে ফলত কৰ্ণৰ পৰাজয় হ’ল।যদি কৰ্ণই বন্ধুৰ মংগল কামনা কৰি কৰ্ণৰ ভুল দেখুৱাই দিলেহেঁতেন আৰু দুৰ্যোধনেও যদি ভুলটো মানি ললেহেঁতেন হয়তোবা কুৰুক্ষেত্ৰ যুদ্ধ নহল হেঁতেন। আৰু যদি দুৰ্যোধনে মানি নলৈ মিত্ৰতা ভংগ কৰিলে হেঁতেন তেতিয়াহলে কৰ্ণই অধৰ্মৰ পৰা ৰক্ষা পালে হেঁতেন।
বন্ধু শব্দটো বহুত অৰ্থবহ। বন্ধু সম্পৰ্কটো ইমান ঠুনুকা নহয় যে অলপ কথাতে বেয়া পাব বা সম্পৰ্ক চিঙি পেলাব। বন্ধু , সুখ-দুখৰ লগৰী হোৱাৰ লগতে ভাল-বেয়া আঙুলিয়াই দিব পৰা এজন ব্যক্তি।সেই বন্ধুজন হয়তো জন্ম দিয়া জীয়ৰী বা জন্মদাতা পিতৃও হব পাৰে।
প্ৰথম অৱস্থাত বন্ধু-বান্ধৱী হিচাপে পৰিচিত হৈ বন্ধুত্ব ইমান গাঢ় হৈ যায় পিছলৈ একেলগে জীৱন জীয়াবলৈ দুয়োজনে যুগ্ম জীৱন আৰম্ভ কৰিবলৈ লোৱাও দেখিবলৈ পোৱা যায়। বন্ধুত্ব আৰু সংসাৰ দুয়োটা বেলেগ বস্তু। সংসাৰ এখনত অকল বন্ধুত্বই নাথাকে , থাকে আৰু মৰমৰ বহুতো সম্পৰ্ক। গতিকে সকলোবোৰ সম্পৰ্ক চম্ভালি সংসাৰ খন সুচাৰুৰূপে চলাবলৈ যাওঁতে বন্ধুত্ব কৰ’বাত হেৰাই যোৱা দেখিবলৈ পোৱা যায়। কিন্তু তাৰ মাজতে আমি কিছুমান এনে দম্পত্তিক দেখিবলৈ পাওঁ যাৰ পতি-পত্নীৰ উপৰিও থাকে বন্ধুত্ব । সংসাৰ খন সুন্দৰ ভাৱে চলাবলৈ পতি-পত্নী দুয়োৰে মাজত বন্ধুত্ব থকাটো অতি প্ৰয়োজন। এজনে আনজনৰ স্বাধীনতাত আঘাট নকৰাকৈ সকলো সম্পৰ্ক জীয়াই ৰাখি যি সকলে বন্ধুত্বৰে সংসাৰ খন নিয়াৰিকৈ চলাই আছে সেই সকলো পতি-পত্নীলৈ অশেষ অশেষ ধন্যবাদ। তেওঁলোক সমাজৰ আদৰ্শ হৈ ৰওঁক।