ত্ৰিশ বা ত্ৰিশোৰ্ধ মহিলাসকল কিয় বেছি ধুনীয়া? কিয় সুন্দৰ তেওঁলোক?
২৯ টা বছৰৰ অভিজ্ঞতাপুষ্ট মহিলাসকল সচাঁকৈয়ে ধুনীয়া। সেই বয়সত তেওঁলোকে ভালপোৱা নেহেৰুৱায়। ভালপোৱাক বিদায় দিয়ে। তেওঁলোক পুৰণি আৰু নতুন সময়ৰ সমাহাৰ। সেয়ে তেওঁলোকে কাকো বিৰক্ত নকৰে। তেওঁলোক পৰিপক্ক। জীৱনৰ ভুলবিলাকক তেওঁলোকে পুনৰাবৃত্তি নকৰে । উপলুঙাই তেওঁলোকক কাবু নকৰে। তোষামোদে তেওঁলোকক উচতনি নিদিয়ে। আৰু প্ৰশংসা? প্ৰশংসা তেওঁলোকৰ প্ৰাপ্য। সাদৰেৰে গ্ৰহণ কৰে।
ত্ৰিশোৰ্ধ শিক্ষয়িত্ৰীয়ে ছাত্ৰ ছাত্ৰীৰ সতে একাত্ম হ’ব পাৰে। তেওঁলোকে মাতৃৰ দৰে শিকাব পাৰে আৰু পিতৃৰ দৰে শাসন কৰিব পাৰে।
ত্ৰিশোৰ্ধ ডাক্তৰৰ হাত নকঁপে । আবেগ আৰু বিবেকৰ খামখেয়ালিত তেওঁলোকৰ চিন্তা বিচলিত নহয়।
ত্ৰিশোৰ্ধ গৃহিনী সকলৰ সিদ্ধান্ত অটল। বজাৰৰ হিচাপ আৰু জীৱনৰ হিচাপক তেওঁলোকে একাকাৰ নকৰে।
ত্ৰিশোৰ্ধ মহিলাসকল ভাল ইঞ্জিনিয়াৰ হ’ব পাৰে, সু প্ৰশাসক হ’ব পাৰে, ভাল অধিবক্তা হ’ব পাৰে। তেওঁলোক ভাল গল্পকাৰ হ’ব পাৰে। তেওঁলোকে অতীতলৈ ঘূৰি নাচায়। তেওঁলোক আত্মবিশ্বাসী। নিজৰ ভৰিত ঠিয় হৈ তেওঁলোকে আকাশলৈ চাব পাৰে।
তেওঁলোক সুন্দৰী। তেওঁলোকে জীৱনৰ মানদণ্ডক নিৰূপন কৰে নিজেই।তেওঁলোকে কথা ক’লে ভাল লাগে। কথাত দৃঢ়তা আৰু আত্মবিশ্বাস থাকে। তেওঁলোকে সময়ক মূল্য দিয়ে । মূল্যহীন সময়ক তেওঁলোকে লগ নিদিয়ে । তেওঁ বুজিবলৈ আৰম্ভ কৰে যে পৰিয়ালটোৱেই তেওঁৰ সৰ্বস্ব। শৰীৰক লৈ সচেতন হয়। তেওঁ বুজিবলৈ আৰম্ভ কৰে বেছি কথা কোৱা মানুহবোৰ কিমান নিঃসংগ! পৃথিৱীৰ মূল্যহীন আচবাববোৰ তেওঁ বেয়া পাবলৈ ধৰে । তেওঁ মন গ’লেই দীঘল চুলিকোচা কাটি পেলাব পাৰে আৰু আকৌ দীঘল হোৱালৈ অপেক্ষা কৰিব পাৰে।
তেওঁলোকে আচলতে নিজৰ সিদ্ধান্ত নিজেই ল’ব পাৰে।তেওঁলোক ইচ্ছামতেই ধুনীয়া হ’ব পাৰে।