১৯৯৯ চনত কাঠমাণ্ডুৰ পৰা দিল্লীলৈ ৰাওনা হোৱা আইচি-৮১৪ ইণ্ডিয়ান এয়াৰলাইনছৰ বিমানখন হাইজেকৰ ঘটনাৰ সৈতে জড়িত থকা দুধর্ষ সন্ত্ৰাসবাদী কেইজনৰ অন্যতম মিস্ত্ৰী জহুৰ ইব্ৰাহিম নিহত হৈছে ৷ পাঁচজন অপহৰণকাৰীৰ ভিতৰত আটাইতকৈ দুধর্ষ তথা নৃশংস মিস্ত্ৰী জহুৰ ইব্ৰাহিমক পাকিস্তানৰ কৰাচীত গুলীয়াই হত্যা কৰা হৈছে । বিগত কেইবা বছৰ ধৰি “জাহিদ আখুন্দ” নামেৰে ভূৱা পৰিচয়েৰে বসবাস কৰি থকা জৈশ-ই-মহম্মদৰ সন্ত্ৰাসবাদীজনক ১ মাৰ্চত কৰাচীৰ আখটাৰ কলনীত পইণ্ট-ব্লেংক ৰেঞ্জত অচিনাক্ত বন্দুকধাৰীয়ে গুলীয়াই হত্যা কৰে ৷ মিস্ত্ৰীয়ে বিমান হাইজেকৰ সময়ত এজন ২৫ বছৰীয়া ভাৰতীয় ব্যক্তিক ছুৰীকাঘাত কৰি হত্যা কৰিছিল ৷
মিস্ত্ৰী কৰাচীৰ আখটাৰ কলনীৰ ভিতৰত অৱস্থিত ক্ৰিচেণ্ট ফাৰ্নিচাৰৰ গৰাকী আছিল। ৰৌফ আছগৰে কৰাচীত আখুন্দৰ অন্ত্যেষ্টিক্ৰিয়াৰ পূর্বে অনুষ্ঠিত শোভাযাত্ৰাত অংশগ্ৰহণ কৰে ৷ৰৌফ হৈছে জৈশ-ই-মহম্মদৰ কাৰ্যবাহী মুৰব্বী আৰু সন্ত্ৰাসবাদী সংগঠনটোৰ প্ৰতিষ্ঠাপক মাছুদ আজহাৰৰ ভাতৃ।
উল্লেখ্য যে ১৯৯৯ চনৰ ২৪ ডিচেম্বৰত নেপালৰ পৰা পাঁচজন সন্ত্ৰাসবাদীয়ে ১৭৯ জন যাত্ৰী আৰু ১১ জন কৰ্মচাৰীৰ সৈতে ইণ্ডিয়ান এয়াৰলাইনছৰ আইচি-৮১৪ বিমানখন হাইজেক কৰিছিল। জহুৰ ইমানেই নৃশংস আছিল যে বিমানৰ যাত্ৰীৰ ডিঙি কাটি হত্যা কৰিছিল ৷ অপহৰণকাৰীসকলে ২৫ বছৰীয়া ৰুপিন কাতিয়ালক মৃত্যুদণ্ড দিছিল ৷অৱশেষত ১৯৯৯ চনৰ ৩১ ডিচেম্বৰত ভয়ংকৰ ইছলামিক সন্ত্ৰাসবাদী মাছুদ আজহাৰ আলভি, চৈয়দ ওমৰ শ্বেখ আৰু মুস্তাক আহমেদ জাৰ্গাৰক ভাৰতীয় কাৰাগাৰৰ পৰা মুক্তিৰ বিনিময়ৰ চর্ত আৰোপ কৰিছিল ৷