শেহতীয়াকৈ ৫ ৰাজ্যত অনুষ্ঠিত বিধানসভা নির্বাচনৰ পাছতে উৎসাহিত হৈ পৰিছে বিজেপি ৷ চাৰিখনকৈ ৰাজ্যত চমকপ্ৰদ বিজয়ৰ পাছতে আগন্তুক লোকসভালৈ প্ৰস্তুতি আৰম্ভ কৰিছে বিজেপিয়ে ৷ এই বিজয়ৰ পাছতে অনুষ্ঠিত বিজেপিসকলৰ প্ৰথমখন বৈঠকত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কয় যে শেহতীয়া বিধানসভা নিৰ্বাচনত বিজেপি সাংসদসকলৰ সন্তানক প্ৰাৰ্থিত্ব নিদিয়াৰ সিদ্ধান্ত তেওঁ গ্ৰহণ কৰিছিল ৷ ভাষণ প্ৰসংগত তেওঁ কয়-“কেইবাজনো সাংসদ আৰু দলৰ নেতাই তেওঁলোকৰ সন্তানৰ বাবে শেহতীয়াকৈ সমাপ্ত নিৰ্বাচনত টিকট বিচাৰিছিল ৷ কিন্তু তেওঁলোকৰ বহুতকে টিকট প্ৰদান কৰিবলৈ অস্বীকাৰ কৰা হৈছিল। বিজেপি সাংসদসকলৰ সন্তানে প্ৰতিদ্বন্দিতা কৰিবলৈ টিকট পোৱা নাছিল কিয়নো সেয়া পৰিয়ালতান্ত্ৰিক ৰাজনীতিৰ অংশ ৷ তেওঁলোকে মোৰ কাৰণে টিকট পোৱা নাছিল ৷” উল্লেখ্য যে উত্তৰ প্ৰদেশত প্ৰতিদ্বন্দিতা কৰিবলৈ বিজেপিয়ে টিকট প্ৰদান নকৰাত নিৰ্বাচনৰ ঠিক আগতে সমাজবাদী পাৰ্টিত যোগদান কৰিছিল বিজেপি সাংসদ ৰীতা বহুগুণা যোশীৰ পুত্ৰ মায়াংকে ৷ প্ৰধানমন্ত্ৰীয়ে কংগ্ৰেছ আৰু সমাজবাদী পাৰ্টিৰ দৰে দলৰ নাম নোলোৱাকৈ কয় যে পৰিয়ালতান্ত্ৰিক ৰাজনীতি দেশৰ বাবে অতি বিপদজনক। প্ৰধানমন্ত্ৰীয়ে দৃঢ়তাৰে কয় যে ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনৰ পূৰ্বে দলটোৱে পৰিয়ালতান্ত্ৰিক দলসমূহৰ বিৰুদ্ধে কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈকে সজাগতা বৃদ্ধি কৰিব লাগিব।
শেহতীয়াকৈ অনুষ্ঠিত নিৰ্বাচনত উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড, গোৱা আৰু মণিপুৰত বিজেপি জয়ী হৈছিল। কালি সংসদৰ বাজেট অধিৱেশন পুনৰ আৰম্ভ হোৱাৰ লগে লগে প্ৰধানমন্ত্ৰীয়ে লোকসভাত প্ৰৱেশ কৰাৰ সময়ত “মোদী, মোদী” শ্ল’গানেৰে আদৰণি জনাই বিজেপি সাংসদসকলে ৷