উত্তৰ প্ৰদেশৰ নতুন মুখ্যমন্ত্ৰী হিচাপে যোগী আদিত্যনাথে অহা ২১ মাৰ্চত একেৰাহে দ্বিতীয়বাৰৰ বাবে শপত গ্ৰহণ কৰিব ৷ এক সূত্ৰই সংবাদ মাধ্যমক এই কথা সদৰী কৰিছে ৷ উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনত চমকপ্ৰদ বিজয় সাৱ্যস্ত কৰাৰ পিছত বুধবাৰে নতুন দিল্লীত ভাৰতীয় জনতা পাৰ্টিৰ (বিজেপি) মুখ্য কাৰ্যালয়ত নতুন মন্ত্ৰীসভা চূড়ান্ত কৰিবলৈ এখন বৈঠক অনুষ্ঠিত হয়।সূত্ৰ অনুসৰি যোগী আদিত্যনাথে ২১ মাৰ্চত বিয়লি ৩ বজাৰ পিছত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব।কেবিনেটৰ মন্ত্ৰী হিচাপে কোন কোনে শপত গ্ৰহণ কৰিব সেই সন্দর্ভত সিদ্ধান্ত লোৱাৰ বাবে আলোচনা অব্যাহত আছে ৷ ৰাজ্যখনত চৰকাৰ গঠনৰ বিষয়ে আলোচনা কৰিবলৈ ছয় ঘণ্টাজোৰা দীঘলীয়া বৈঠক অনুষ্ঠিত হয় ৷
বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা, ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক (সংগঠন) বি এল সন্তোষ, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু উত্তৰ প্ৰদেশ বিজেপিৰ সভাপতি স্বতন্ত্ৰ দেৱ সিঙে বৈঠকত অংশগ্ৰহণ কৰে য’ত উত্তৰ প্ৰদেশৰ নতুন চৰকাৰক লৈ আলোচনা কৰা হয় ৷ ৰাজ্য চৰকাৰৰ উপ মুখ্যমন্ত্ৰী হৈ থকা কেশৱ প্ৰসাদ মৌৰ্য আৰু দিনেশ শৰ্মাইও বৈঠকত অংশগ্ৰহণ কৰে ৷ হোলীৰ পিছত অনুষ্ঠিত হ’বলগীয়া শপত গ্ৰহণ অনুষ্ঠানৰ বাবে আমন্ত্ৰণ জনাবলগীয়া বিশিষ্ট ব্যক্তিসকলৰ বিষয়েও আলোচনা কৰা হয় ৷ বিজেপিয়ে উত্তৰ প্ৰদেশত ৪০৩ টা সমষ্টিৰ ভিতৰত ২৫৫ টা ত জয়লাভ কৰিছিল ৷