বাংলাদেশৰ ৰাজধানী ঢাকাত থকা ইস্কন ৰাধাকান্ত মন্দিৰত বৃহস্পতিবাৰে ২০০ জনীয়া এটা দুর্বৃত্তৰ দলে আক্ৰমণ কৰি লুণ্ঠন চলোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ প্ৰকাশিত তথ্য অনুসৰি ঢাকাৰ ৱাৰীৰ ২২২, লাল মোহন সাহা ষ্ট্ৰীটত অৱস্থিত মন্দিৰটোৰ বহু সদস্য এই আক্ৰমণত আহত হৈছে ৷
মন্দিৰটো লুট-পাত কৰা এই উন্মত্ত জনতাৰ দলটোক নেতৃত্ব দিছিল হাজী ছাফিউল্লাহে ৷ ইফালে, ইস্কন ইণ্ডিয়াৰ উপ-সভাপতি ৰাধাৰমন দাসে টুইটাৰযোগে এই ঘটনাক গৰিহণা দিছে।
It's very very unfortunate incident on the eve of Dol Yatra & Holi celebrations. Just few days ago, United Nations passed a resolution declaring 15th March as International day to combat Islamophobia. We are surprised that same United Nations…..1/3 https://t.co/aMci2GdQdv
— Radharamn Das राधारमण दास (@RadharamnDas) March 18, 2022
তেওঁ কয় -“দৌল যাত্ৰা আৰু হোলী উদযাপনৰ প্ৰাকমুহূৰ্তত সংঘটিত এয়া অতি দুৰ্ভাগ্যজনক ঘটনা ৷ মাত্ৰ কেইদিনমান আগতে ৰাষ্ট্ৰসংঘই ১৫ মাৰ্চক ইছলামোফোবিয়াৰ বিৰুদ্ধে যুঁজিবলৈ আন্তৰ্জাতিক দিৱস হিচাপে ঘোষণা কৰি এক প্ৰস্তাৱ গৃহীত কৰিছিল।আমি আচৰিত হৈছো যে একেটা ৰাষ্ট্ৰসংঘই হাজাৰ হাজাৰ অসহায় বাংলাদেশী আৰু পাকিস্তানী সংখ্যালঘুৰ দুখ-কষ্টক লৈ মৌনতা অৱলম্বন কৰি আহিছে ৷ “