আজি দেশৰ বিশিষ্ট মুক্তিযুঁজাৰু আচাৰ্য কৃপালনীৰ স্মৃতি দিৱস । তেওঁৰ সম্পূৰ্ণ নাম আছিল জীৱৎৰাম ভগৱানদাস কৃপালনী । ১৯৪৭ চনত ব্ৰিটিছে ভাৰতক ক্ষমতা হস্তান্তৰৰ সময়ত কৃপালনী ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি আছিল । তেওঁ মাহাত্মা গান্ধীৰ অনুগামী আছিল । অসহযোগ আন্দোলনৰ সময়ত তেওঁ আছিল এগৰাকী অগ্ৰণী নেতা ।
পিছলৈ প্ৰজা ছচিয়েলিষ্ট পাৰ্টীত যোগদান কৰা কৃপালনী আছিল লোকসভাৰ মজিয়াত পোনপ্ৰথমবাৰৰ বাবে অনাস্থা প্ৰস্তাৱ উত্থাপন কৰা ৰাজনীতিক, যিয়ে চীন-ভাৰত যুদ্ধ পিছতেই ১৯৬৩ চনত চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ আনিছিল । উত্তৰ প্ৰদেশৰ প্ৰথমগৰাকী মহিলা মুখ্যমন্ত্ৰী সুচেতা কৃপালনীৰ স্বামী আচাৰ্য কৃপালনীয়ে ১৯৮২ চনৰ আজিৰ দিনটোতে গুজৰাটৰ আহমেদাবাদত পৰলোক গমন কৰে । এইগৰাকী নেতালৈ আমাৰ প্ৰণাম ।