মহিলা ক্ৰিকেট বিশ্বকাপ ২০২২ খেলখনত বাংলাদেশৰ বিৰুদ্ধে প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লোৱাৰ পিছত ভাৰতে ৫০ অভাৰত ২২৯/৭ ৰাণ সংগ্ৰহ কৰে। খেলখনত ৫০ ৰাণ কৰা য়াষ্টিকা ভাটিয়াই শীৰ্ষস্থানৰ ৰাণ সংগ্ৰহকাৰী হিচাপে আত্মপ্ৰকাশ কৰে। ইয়াৰ প্ৰত্যুত্তৰত বাংলাদেশে লেহেমীয়া আৰম্ভণি কৰে আৰু নিয়মীয়া ব্যৱধানত উইকেট হেৰুৱাই থাকে। তেওঁলোকে ৩৮ অভাৰৰ পিছত ১০৭/৯ ৰাণত বেটিং কৰি আছে। ইফালে, মিতালী ৰাজে প্ৰথমটো বলতে আউট হৈ খেলখন আগুৱাই নিয়াত ব্যৰ্থ হয়। শফালী বাৰ্মা আৰু স্মৃতি মান্ধানাই দলটোক এটা নিখুঁত আৰম্ভণি দিয়ে আৰু উদ্বোধনী উইকেটৰ বাবে ৭৪ ৰাণ আগবঢ়াই ৷ অৱশ্যে, বাংলাদেশেও সুন্দৰ খেল প্ৰদৰ্শন কৰি তিনিটা উইকেট দখল কৰিছিল। হৰমনপ্ৰীত কৌৰেও ১৪(৩৩)ত ৰাণ আউট হোৱাৰ বাবে বিশেষ পাৰদৰ্শিতা দেখুৱাবলৈ ব্যৰ্থ হৈছিল।
ইয়াৰ পিছত যশতিকা ভাটিয়া আৰু ৰিচা ঘোষে যুটীয়া ভাৱে ৫০-তকৈ অধিকৰাণ সংগ্ৰহ কৰে আৰু ২৬ ৰাণত কেচ-বিহাইণ্ড হয় ৰিচা ঘোষ। স্নেহ ৰাণা আৰু পূজা বস্ত্ৰকাৰে একেলগে ৪৮ ৰাণ সংগ্ৰহ কৰি মুঠ ৰাণ সংগ্ৰহ কৰাত দলটোক সহায় কৰে। অৱশ্যে ভাৰতে এতিয়ালৈকে দুখন খেলহে জিকিবলৈ সক্ষম হৈছে আৰু তিনিখনত পৰাজিত হৈছে। বাংলাদেশৰ বিৰুদ্ধে এক জটিল স্থানত আছে ভাৰতীয় দলটো৷ প্ৰতিযোগিতাখনত নিজৰ স্থিতি বাহাল ৰাখিবলৈ ভাৰতীয় দলটোৱে বাংলাদেশ আৰু দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অধিক মেচত জয় লাভ কৰিব লাগিব।
।