বিজ্ঞানীসকলে চন্দ্ৰত শেহতীয়াকৈ উদ্ধাৰ কৰিছে ৫০ বছৰ আগতে ভেকুৱাম চীল কৰা অন্তিম নমুনা ৷ তেওঁলোকে আশা কৰে যে নমুনাটোৱে চন্দ্ৰৰ প্ৰাচীন ইতিহাসৰ এক পৃষ্ঠা মুকলি কৰিব আৰু পৃথিৱীৰ প্ৰাকৃতিক উপগ্ৰহৰ বিৱৰ্তনৰ বিষয়ে নতুন তথ্য প্ৰদান কৰিব।
মানুহে চন্দ্ৰলৈ উভতাৰ পৰিকল্পনা কৰাৰ লগে লগে, বিজ্ঞানীসকলে এপোলো ১৭ অভিযানৰ সময়ত সংগ্ৰহ কৰা এপোলো যুগৰ ভেকুৱাম চীল কৰা অন্তিমটো নমুনা খুলি পেলাইছে। নাছাৰ এষ্ট্ৰোমেটেৰিয়েলচ ৰিচাৰ্চ এণ্ড এক্সপ্লোৰেচন চাইন্স (এআৰইএছ) বিভাগে ১৯৭০ দশকৰ শেষৰ ফালৰ পৰা সংৰক্ষণ কৰি ৰখা নমুনাটো মুকলি কৰে আৰু পৃথিৱীৰ একমাত্ৰ প্ৰাকৃতিক উপগ্ৰহৰ স্থায়ী ভূতাত্ত্বিক ৰেকৰ্ডৰ অন্তৰ্দৃষ্টি প্ৰদান কৰিবলৈ সাজু হৈছে।
বিজ্ঞানীসকলে কৈছিল যে সেই সময়ত নাছাৰ মহাকাশচাৰী আৰু অভিযন্তাসকলে ভৱিষ্যতৰ সময়ৰ বাবে এই অন্তিম চন্দ্ৰনমুনাটো সংৰক্ষণ কৰাৰ পূৰ্বানুমান কৰিছিল ৷ অন্তিম চন্দ্ৰৰ নমুনাটো এপোলো নেক্সট জেনাৰেশন চেম্পল এনালাইচিছ প্ৰগ্ৰামৰ দ্বাৰা অধ্যয়ন কৰা হৈছে।
ৱাশ্বিংটনত নাছাৰ বিজ্ঞান মিছন সঞ্চালকালয়ৰ সহযোগী প্ৰশাসক থমাছ জুৰবুচেনে এক বিবৃতিত কয়, “আমি এই অবিশ্বাস্যভাৱে মূল্যৱান নমুনাটো মুকলি কৰাৰ সুযোগ পাইছো যিটো ৫০ বছৰ ধৰি শূণ্যত ৰখা হৈছে, আৰু আমি অৱশেষত চাবলৈ পাওঁ যে ইয়াৰ ভিতৰত কি ৰখা হৈছে” ৷
পঞ্চাশ বছৰ আগতে চন্দ্ৰৰ পৰা উদ্ধাৰ হোৱা অন্তিম বাকী থকা নমুনাটোক নমুনা ৭৩০০১ হিচাপে শ্ৰেণীবদ্ধ কৰা হৈছে, যাক মহাকাশচাৰী ইউজিন চাৰ্নান আৰু হেৰিচন “জেক” শ্মিটৰ দ্বাৰা চন্দ্ৰপৃষ্ঠৰ পৰা স্কুপ কৰা হৈছিল।
নমুনা ৭৩০০১ হৈছে এটা ডাঙৰ নমুনাৰ দ্বিতীয়াৰ্ধ, যাৰ শীৰ্ষ অৰ্ধাংশ ২০১৯ চনত খোলা হৈছিল আৰু বিজ্ঞানীসকলে ইয়াক অধ্যয়ন কৰি আছে। নমুনাটোৰ তলৰ অৰ্ধাংশ পুনৰুদ্ধাৰ কৰাৰ আগতে, বিজ্ঞানীসকলে নমুনাটোৰ মেকআপৰ উচ্চ-ৰিজলিউশ্বন ত্ৰিমাত্ৰিক ছবি বোৰ টিউবৰ ভিতৰত ধৰিবলৈ এক্স-ৰে চিটি প্ৰযুক্তি ব্যৱহাৰ কৰি স্কেন কৰিছিল।
অন্তিম চন্দ্ৰনমুনা খোলাৰ কাম এই বছৰৰ আৰম্ভণিতে আৰম্ভ হৈছিল আৰু দলটোৱে বাহিৰৰ সুৰক্ষা নলীৰ ভিতৰত থকা যিকোনো গেছ ধৰিবলৈ কাম কৰিছিল আৰু অৱশেষত, ভিতৰৰ পাত্ৰটো ফুটা কৰি , ভিতৰত থকা যিকোনো চন্দ্ৰ গেছ আহৰণ কৰিবলৈ কাম কৰিছিল।
“আমিয়েই প্ৰথম যি প্ৰথমবাৰৰ বাবে এই মাটি চাবলৈ পাইছিলো। এইটো কেণ্ডি দোকানৰ শিশুৰ দৰে পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ বস্তু, নহয় নে?” উপ এপোলো নমুনা কিউৰেটৰ জুলিয়ান গ্ৰাছে এনেদৰে কৈছিল।
বিজ্ঞানীসকলে আশা কৰে যে নমুনাটোৱে চন্দ্ৰৰ প্ৰাচীন ইতিহাসৰ দুৱাৰ মুকলি কৰিব ৷আনহাতে মানুহে চন্দ্ৰলৈ যাবলৈ সাজু হোৱাৰ লগে লগে, এপোলো যুগৰ পৰা অৱশিষ্ট চন্দ্ৰৰ নমুনাৰ বিশ্লেষণে উদ্বায়ী জলাশয় আৰু চন্দ্ৰৰ ভূতাত্ত্বিক বিৱৰ্তনৰ বিষয়ে নতুন তথ্য প্ৰদান কৰিবলৈ সাজু হৈছে।