জনতাৰ মুখ্যমন্ত্ৰী বুলি কেজৰিৱালৰ সদনাম আছে। তেওঁ প্ৰায়েই জনমুখী সিদ্ধান্ত গ্ৰহণ কৰি আহিছে। দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে চমক সৃষ্টি কৰাই নহয়, জনপ্ৰিয় মুখ্যমন্ত্ৰী কেজৰিৱালে একাধিক পৰিকল্পনা হাতত লৈ জনতাৰ মংগলৰ বাবে কাম কৰি অহাৰ নজিৰ আছে। বিজুলি যোগান, পানী যোগান আদি ব্যৱস্থাত সম্পূৰ্ণ সফলতা লাভ কৰি অহা অৰৱিন্দ কেজৰিৱালে এইবাৰ অন্য এক সিদ্ধান্ত গ্ৰহণ কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। দিল্লী বিধানসভাত ২০২২-২৩ বিত্তীয় বৰ্ষৰ বাজেট ঘোষণা কৰি কেজৰীৱালৰ সহযোগী তথা উপ মখ্যমন্ত্ৰী মনীষ ছিচোদিয়াই কৈছে যে দিল্লীৰ পদপথৰ গৃহহীন শিশুবোৰৰ বাবে আধুনিক ব্যৱস্থাপনাৰ বোৰ্ডি স্কুল স্থাপন কৰি তেওঁলোকক বিনামূলীয়া শিক্ষা তথা থকাৰ সুবিধা কৰি দিয়া হ’ব। ইয়াৰ বাবে বাজেটত ১০ কোটি টকা নিৰ্ধাৰণ কৰা হৈছে।
এই ঘোষণাৰ পাছত সাংবাদিকক সম্বোধন কৰি কেজৰিৱালে কয় যে, ষ্ট্ৰীট লাইট ৰঙা হোৱাৰ পাছত ৰৈ থকা গাড়ীবোৰলৈ ভিক্ষা খুজিবলৈ এনেক শিশু আহে কিন্তু আমি সেইবোৰক কেতিয়াও গুৰুত্ব নিদিওঁ কিয়নো তেওঁলোক ভোট বেংকৰ অধীন নহয়। এনে শিশু বা চেমনীয়াক ইয়াৰ পূৰ্বে সংশোধনী গৃহবোৰলৈ প্ৰেৰণ কৰা হৈছিল কিন্তু সেই প্ৰক্ৰিয়া শুদ্ধ মানে মানৱীয় নাছিল বাবে এই শিশু বা চেমনীয়াবোৰ পুনৰাই আকৌ সেই ৰাস্তালৈ উভটি আহিছিল। দিল্লীৰ আপ চৰকাৰে বৰ্তমান এই কথাটো সলনি কৰিব বিচাৰিছে। সেই উদ্দেশ্যৰে তেওঁলোকে আধুনিক সুবিধা থকা বোৰ্ডি (থকাৰ সুবিধা থকা) স্কুল স্থাপন কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে। ১০ কোটি টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ হ’বলগীয়া এই বোৰ্ডি স্কুলবোৰে দিল্লীৰ পদপথৰ গৃহহীন শিশু/চেমনীয়াক মূলসুতিলৈ আনিবলৈ সক্ষম হ’ব বুলি আশা কৰিব পাৰি।
অৰৱিন্দ কেজৰিৱালৰ সিদ্ধান্তবোৰ সদায় প্ৰচলিত চিন্তাতকৈ ভিন্ন হৈ আহিছে। তেওঁ চৰকাৰ পৰিচালনা কৰাৰ বাবে যিবোৰ সিদ্ধান্ত গ্ৰহণ কৰি আহিছে সেইবোৰ সদায় জনমুখী সিদ্ধান্ত হিচাপে বিবেচিত হৈ আহিছে। বিনামূলীয়া বিজুলী আৰু পানী যোগান দিয়াৰ পাছতো দিল্লী চৰকাৰে লোকচানৰ সম্মুখীন হ’বলগীয়া হোৱা নাই, বৰঞ্চ তেওঁলোকে অধিক লাভ পাবলৈহে সক্ষম হৈছে। আশা কৰোঁ দিল্লী চৰকাৰে গ্ৰহণ কৰা এই পদক্ষেপে পদপথৰ গৃহহীন শিশুৰ জীৱন সলনি কৰি পেলাব।