শেহতীয়াকৈ বেলাৰুছ আৰু ভাৰতৰ ফুটবল দলৰ মাজত অনুষ্ঠিত মেচত ভাৰতীয় দলটো পৰাজিত হ’লেও তিনিগৰাকী ভাৰতীয় খেলুৱৈয়ে মন জয় কৰিছে ফুটবল অনুৰাগীৰ ৷ মেচখন অনুষ্ঠিত হোৱাৰ পূর্বে তিনিজন ভাৰতীয় ফুটবলাৰে নিজৰ নিজৰ ধর্মীয় বিশ্বাস অনুসৰি কৰা প্ৰার্থনাৰ ফটো ইণ্টাৰনেটত ভাইৰেল হৈ পৰাৰ পাছতে অনুৰাগীসকলৰ মন জয় কৰিবলৈ সক্ষম হৈছে ৷ ভাৰতীয় ফুটবল দলে টুইটাৰত পোষ্ট কৰা ফটোখনত এজন হিন্দু, এজন মুছলমান আৰু এজন খ্ৰীষ্ট্ৰান ফুটবলাৰে নিজৰ নিজৰ ধর্মীয় বিশ্বাস অনুসৰি প্ৰার্থনা কৰি থকা দেখা গৈছিল ৷
ভাইৰেল হৈ পৰাৰ পাছতে তিনিজন খেলুৱৈৰ এই ফটোখনে ভাৰতৰ প্ৰকৃত আত্মা বহন কৰিছে বুলি মন্তব্য কৰিছে একাংশ অনুৰগীয়ে ৷ আন একাংশই আকৌ এয়াই বৈচিত্ৰ্যৰ মাজত ঐক্য বুলি প্ৰকাশ কৰিছে ৷ শনিবাৰে মানামাত খেলা আন্তঃৰাষ্ট্ৰীয় বন্ধুত্বপূৰ্ণ খেলত বেলাৰুছে দ্বিতীয়াৰ্ধত তিনিটা গ’ল দি ভাৰতক ৩-০ গ’লত পৰাস্ত কৰে।ভাৰতৰ বিৰুদ্ধে গ’ল কৰা বেলাৰুছৰ তিনিজন খেলুৱৈ হৈছে বাইকাউ আৰ্টচেম, আন্দ্ৰেই চালাভ আৰু হৰমিকা ভাৰেলী।