প্ৰচণ্ড গৰমে ব্যাহত কৰিছে দেশৰ ৰাজধানী দিল্লীৰ স্বাভাৱিক জীৱন যাত্ৰা ৷ আগন্তুক ২৪ ঘণ্টাত দিল্লীত গ্ৰীষ্মপ্ৰৱাহৰ আগজাননী দিছে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে ৷ এই সময়চোৱাত দিল্লী আৰু ইয়াৰ চাৰিওফালৰ এলেকাসমুহৰ তাপমাত্ৰা ৪০ ডিগ্ৰী চেলচিয়াছ বা তাতোকৈ অধিক হোৱাৰ আশংকা প্ৰকাশ কৰিছে বতৰ বিজ্ঞান বিভাগে ৷ বতৰ বিজ্ঞানে এক টুইটযোগে কয়, “দক্ষিণ হাৰিয়ানা, দক্ষিণ উত্তৰ প্ৰদেশ, বিহাৰ, ঝাৰখণ্ড, উৰিষ্যা, পশ্চিম বংগ, পূব মধ্য প্ৰদেশৰ উত্তৰ অংশ, উত্তৰ মধ্য মহাৰাষ্ট্ৰ আৰু মাৰাঠৱাড়াত ৩০ মাৰ্চ-০১ এপ্ৰিললৈ গ্ৰীষ্মপ্ৰবাহৰ সম্ভাৱনা আছে।”
বিহাৰ, ঝাৰখণ্ড, উৰিষ্যা, মধ্য মধ্য প্ৰদেশ, উত্তৰ মহাৰাষ্ট্ৰ, জম্মু, হিমাচল প্ৰদেশ, পশ্চিম মধ্য প্ৰদেশ আৰু ৰাজস্থান আদি ৰাজ্যত যোৱা কেইদিনমানৰ পৰা তাপমাত্ৰা বৃদ্ধি পাইছে। বতৰ বিজ্ঞানৰ ফালৰ পৰা এই ৰাজ্যসমুহক সতৰ্ক কৰি দিছে যে অহা ১ এপ্ৰিললৈকে উচ্চ তাপমাত্ৰাৰ পৰা ৰেহাই পোৱাৰ কোনো সম্ভাৱনা নাই।
গ্ৰীষ্মপ্ৰৱাহ ফলত ঝাৰখণ্ড আটাইতকৈ গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত ৰাজ্যসমূহৰ ভিতৰত এখন হোৱাৰ সম্ভাৱনা আছে। এক বুলেটিনত বতৰ বিজ্ঞানে কয় যে ঝাৰখণ্ডৰ কিছু অংশত সৰ্বাধিক তাপমাত্ৰা ৪৩ ডিগ্ৰী চেলচিয়াছ স্পৰ্শ কৰিব পাৰে। ৰাজধানী ৰাঁচীত তাপমাত্ৰাই ইতিমধ্যে স্বাভাৱিক তাপমাত্ৰাতকৈ ১.৭ ডিগ্ৰী অধিক অতিক্ৰম কৰিছে । জামছেদপুৰ ৩৮.৮ ডিগ্ৰী চেলচিয়াছত,ডাল্টনগঞ্জ ৩৯ ডিগ্ৰী চেলচিয়াছ আৰু গোড্ডা ৩৯.৩ ডিগ্ৰী চেলচিয়াছত জনজীৱন ব্যতিব্যস্ত হৈ পৰিছে ৷