দিল্লী উচ্চ ন্যায়লয়ত কেন্দ্ৰীয় ইলেকট্ৰনিকছ আৰু তথ্য-প্ৰযুক্তি মন্ত্ৰণালয়ে বুধবাৰে কৈছে যে যদিহে কোনো ছ’চিয়েল মিডিয়া কোম্পানী যেনে ফেচবুক, টুইটাৰে আপোনাক নজনোৱাকৈ আপোনাৰ একাউন্ট বন্ধ কৰি দিছে তেন্তে আপুনি সেই সন্দৰ্ভত আইনৰ সহায় ল’ব পাৰিব। মত প্ৰকাশৰ স্বাধীনতাৰ অধীনত ভাৰতীয় শাসনতন্ত্ৰই এই ক্ষেত্ৰত ছ’চিয়েল মিডিয়া কোম্পানীৰ বিপক্ষে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব। অৱশ্যে চৰকাৰে লগতে এই কথাটোও উল্লেখ কৰিছে যে যদিহে ব্যৱহাৰকাৰীয়ে ছ’চিয়েল মিডিয়া একাউন্টৰ পৰা যৌন সম্বন্ধীয় তথ্য, ৰাষ্ট্ৰ বিৰোধী তথ্য তথা শিশু নিৰ্যাতনৰ কোনো তথ্য আপলোড কৰে তেন্তে তেনে একাউন্ট কৰ্তনৰ যোগ্য হৈ পৰিব। অন্যথা কোনো এক কথাৰ বাবে বা মত প্ৰকাশৰ বাবে আপোনাৰ একাউন্ট ছ’চিয়েল মিডিয়া কোম্পানীয়ে কৰ্তন কৰিব নোৱাৰিব। আৰু যদিহে এনে হয় তেন্তে আপুন তথ্য-প্ৰযুক্তি নিময়-২০২১ৰ (IT Rules-2021) ৭নং অধিনিয়মত গোচৰ ৰজু কৰিব পাৰিব।
ছ’চিয়েল মিডিয়াৰ ব্যৱহাৰ এতিয়া বৃদ্ধি পাইছে। সকলোফালে সকলোদিশত এতিয়া কেৱল ছ’চিয়েল মিডিয়াৰ ব্য়ৱহাৰ আৰু লগতে ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰা লোকৰ সংখ্যা যি হাৰত বৃদ্ধি পাইছে সেয়া অভাৱনীয়। ভাৰতত ১৩৫ কোটিৰো অধিক ভাৰতীয়ৰ ভিতৰত এতিয়া ইন্টাৰনেট ব্যৱহাৰকাৰীৰ সংখ্যা ৪১ শতাংশ অতিক্ৰম কৰিছে। এই ক্ষেত্ৰত স্মাৰ্টফোনৰ সহজলভ্যতাই ইন্টাৰনেটৰ শ্ৰীবৃদ্ধি সাধন কৰিছে। ইয়াৰ মাজতে ইন্টাৰনেটৰ ব্যৱহাৰ বৃদ্ধি পোৱাৰ ফলত অপব্যৱহাৰৰ সংখ্যাও সমানেই বৃদ্ধি পাইছে। কিন্তু ব্যৱহাৰ আৰু অপব্যৱহাৰৰ মাজত ইয়াৰ প্ৰয়োজনীয়তা কোনেও নুই কৰিব নোৱাৰে। ছ’চিয়েল মিডিবোৰৰ ভিতৰত আমি মূলত টুইটাৰ, ফেচবুক, ইনষ্টাগ্ৰাম আদিবোৰক সামৰি ল’ব পাৰোঁ। এই সামাজিক মাধ্যমবোৰ এতিয়া আমাৰ দেশত ৰাজনীতিকসকলেও বিশেষভাৱে ব্যৱহাৰ কৰে। চিনেমাৰ নায়ক-নায়িকা, গায়ক-গায়িকাই ব্যৱহাৰৰ কৰাৰ থল থকা এই সামাজিক মাধ্যমত এতিয়া ৰাজনীতিক আৰু ৰাজনৈতিক দলবোৰে উপৰ্যুপৰি ব্যৱহাৰ কৰি জনতাৰ মনত শিপাবলৈ আৰম্ভ কৰিছে।
প্ৰতিজন ৰাজনীতিক আৰু ৰাজনৈতিক দলে নিজৰ মতাদৰ্শ নাগৰিকৰ মনলৈ নিয়াৰ বাবে তেওঁলোকে জনতাৰ হাতত থকা মোবাইল ফোনটোক টাৰ্গেট কৰিছে। সস্তীয়া ডাটা দেশত উপলব্ধ হোৱাৰ পাছৰ পৰা নাগৰিকে এতিয়া সৰ্বাধিক সময় মোবাইল ফোনত মনোৰঞ্জনৰ নামত খৰচ কৰে। ফেচবুক, ইনষ্টাৰ ৰীল উপভোগ কৰি জনতা মোবাইল কেন্দ্ৰীক হৈ পৰিছে। ইয়াৰ মাজতে ৰাজনীতিক তথা ৰাজনৈতিক দলবোৰে নিজৰ মতাদৰ্শও ছ’চিয়েল মিডিয়াযোগে প্ৰচাৰ কৰাৰ ওপৰত গুৰুত্ব দিছে।
শেহতীয়াকৈ একাধিক ৰাজনীতিকৰ ছ’চিয়েল মিডিয়া একাউন্ট নিশাৰ ভিতৰতে কোম্পানীয়ে বন্ধ কৰি দিছিল। টুইটাৰে ৰাহুল গান্ধীৰ টুইটাৰ একাউন্ট কৰ্তন কৰাৰ কথা আপোনালোকৰ নিশ্চয় মনত আছে। ৰাহুল গান্ধীৰ সদৃশ এনে একাধিক নেতাৰ ছ’চিয়েল মিডিয়া বন্ধ কৰি দিয়াৰ পৰিপ্ৰেক্ষিটত ন্যায়ালয়ত কেইবাখনে লেখ আবেদন দাখিল হৈছিল। সেই লিখিত আবেদনবোৰৰ শুনানিৰ সমযত ৩০ মাৰ্চ তাৰিখে স্বয়ং কেন্দ্ৰ চৰকাৰে এই কথা সদৰি কৰিছে যে কোনো নিৰ্দেশ নোহোৱাকৈ ছ’চিয়েল মিডিয়া কোম্পানীয়ে আপোনাৰ একাউন্ট কৰ্তন কৰিব নোৱাৰিব আৰু যদি কৰে তেন্তে আপোনালোকে তাৰ বিৰুদ্ধে আইনৰ কাষ চাপিব পাৰিব।